ASSAM TIMES POST
নিউজ ডেস্ক: দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ জণ্টি ৰ’ডছ ভাৰতলৈ আহিছে৷ ভাৰতলৈ আহি প্ৰাক্তন ক্ৰিকেটাৰজনে উত্তৰাখণ্ডত অনুষ্ঠিত আন্তৰ্জাতিক যোগ মহোৎসৱত অংশগ্ৰহণ কৰিছে৷ তাতে জণ্টি ৰ’ডছে গংগাত নামি পানীত ডুব মাৰে৷ তাৰে ফটো বুধবাৰে তেওঁ নিজৰ টুইটাৰ একাউণ্টত প’ষ্ট কৰে৷ এই ফটো দেখি ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে মত ব্যক্ত কৰে৷ উল্লেখ্য যে জণ্টি ৰ’ডছে প’ষ্ট কৰা ফটোত গংগাত বুৰ মৰা আৰু প্ৰণাম কৰা আছে৷ হৰভজন সিঙে লিখিছে, পবিত্ৰ গংগাৰ ঠাণ্ডা পানীত ডুব মাৰিলে উপকাৰীতা শৰীৰ আৰু মন উভয়ে পায়৷ ইপিনে, জণ্টি ৰ’ডছৰ ফটো দেখি বহু লোকে লাইক কৰিছে৷














