
ঝাৰখণ্ডত (Jharkhand) চৰকাৰী চাকৰিৰ পৰীক্ষাত (Govt. job exam) সংঘটিত অনিয়মৰ বিৰুদ্ধে (Against irregularities) ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে ধাৰাবাহিকভাৱে প্ৰতিবাদ (Students protest) সাব্যস্ত কৰি আছে। দেওবাৰে সন্ধিয়া ৰাঁচীত মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন (Chief Minister Hemanta Soren) আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী (Rahul Gandhi)ৰ প্ৰতিমূৰ্তি দাহ (Statue burning) কৰে। তেওঁলোকৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি জেএমএম-কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰে কোনো সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। এনে পৰিস্থিতিত তেওঁলোকে হেমন্ত ছোৰেনক মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ দাবী জনাইছে। অহা বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও (Siege of the Chief Minister’s residence) কৰিবলৈ আহ্বান জনাইছে প্ৰতিবাদকাৰীসকলে।
দেওবাৰে ঝাৰখণ্ডৰ ২৩ সংখ্যক দিনত প্ৰৱেশ কৰে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। শেহতীয়াকৈ চৰকাৰে প্ৰতিবাদকাৰীৰ সৈতে আলোচনাত মিলিত হৈছে। অৱশ্যে এই অচলাৱস্থা ভংগ হোৱা নাই। প্ৰতিবাদকাৰীৰ মূল দাবীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা জটিলতা এতিয়াও সমাধান হোৱা নাই। তেওঁলোকৰ মূল দাবী- চিবিআইৰ তদন্ত আৰু জেপিএছচিৰ পৰীক্ষা বাতিল কৰা। সেয়া এতিয়াও সমাধান হোৱা নাই। উদীয়মান পৰিস্থিতিত শনিবাৰে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে কংগ্ৰেছক সকীয়াই দিছিল। কংগ্ৰেছে ঝাৰখণ্ডৰ শাসকীয় মিত্ৰজোঁটৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

এনে পৰিস্থিতিত দেওবাৰে সন্ধিয়া প্ৰতিবাদকাৰীসকলে আন্দোলন তীব্ৰতৰ কৰি তোলে। ৰাঁচীকে ধৰি ঝাৰখণ্ডৰ বিভিন্ন স্থানত মুখ্যমন্ত্ৰী হেমন্তৰ প্ৰতিমূৰ্তি জ্বলাই দিয়া হয়। প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ মিত্ৰদল কংগ্ৰেছৰ ৰাহুল গান্ধী আৰু আৰজেডিৰ তেজস্বী যাদৱৰ প্ৰতিমূৰ্তিও দাহ কৰে।
আন্দোলনকাৰী ছাত্ৰ নেতা ৰবীন্দ্ৰ পাছৱানে কয়, “আমি ২০ আগষ্টত মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰিম। আমি তেওঁৰ পদত্যাগৰ দাবী জনাইছো। জেএমএম আৰু কংগ্ৰেছে দুয়োটা দলে আমাৰ লগত ৰাজনীতি কৰিছে।” দৰাচলতে ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ সন্দৰ্ভত ইতিমধ্যে ৰাহুল গান্ধীয়ে মাত মাতিছে। তেওঁ কয় যে চৰকাৰে এবাৰ নহয়, বাৰে বাৰে আলোচনাত বহিব লাগিব। আলোচনা প্ৰক্ৰিয়া অব্যাহত ৰাখিব লাগিব। হেমন্তৰ চৰকাৰে ততাতৈয়াকৈ ছাত্ৰ-ছাত্ৰীৰ সমস্যা সমাধান কৰিব লাগিব। অৱশ্যে সেই সমাধান এতিয়াও পোৱা নাই। এনে পৰিস্থিতিত প্ৰতিবাদকাৰীসকলে দাবী কৰে, “যদি মুখ্যমন্ত্ৰীয়ে (হেমন্ত) ৰাহুল গান্ধীৰ কথা নুশুনে, তেন্তে ৰাহুলে জেএমএম নেতৃত্বাধীন মিত্ৰজোঁটৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰক।”












