ASSAM TIMES POST
নিউজ ডেস্ক: খেল’ ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াত পুনৰ সোণৰ পদক লাভ কৰিলে দ্যুতি চান্দে৷ শনিবাৰে ১০০ মিটাৰত সোণৰ পদক লাভ কৰাৰ ২৪ ঘণ্টাৰ পাছত ২০০ মিটাৰত সোণৰ পদক লাভ কৰে দ্যুতিয়ে৷ কলিংগ ইনষ্টিটিউটত অফ টেকন’লজিৰ হৈ ট্ৰেকত নামিছিল দ্যুতিয়ে৷ এই দৌৰত তেওঁ সময় লয় ২৩.৬৬ ছেকেণ্ড৷ আনহাতে মুম্বাই বিশ্ববিদ্যালয়ৰ কীৰ্তি ভোইতে ২৫.৯৮ ছেকেণ্ড সময় লৈ ৰূপৰ পদক আৰু উৎকল বিশ্ববিদ্যালয়ৰ দীপালি মহাপাত্ৰই ২৯.১৯ ছেকেণ্ড সময় লৈ ব্ৰঞ্জৰ পদক লাভ কৰে৷














