
কাৰ্বি আংলঙ (Karbi Anglong)ত পুনৰ উত্থাপন হৈছে পিজিআৰ-ভিজিআৰ (PGR-VGR) ভূমিত উচ্ছেদৰ দাবী (Eviction claim)। এই দাবীৰে সোমবাৰৰ পৰা ডিফুত আৰম্ভ হৈছে দুদিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। পূৰ্বৰে পৰা উত্থাপন কৰি অহা এই উচ্ছেদৰ দাবী ৰাজ্যত নতুন চৰকাৰ গঠন হোৱাৰ পিছতে পুনৰ সবল হৈ পৰিছে। উল্লেখ্য যে পাহাৰীয়া জিলাখনত ২০২৭ চনৰ পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। তাৰ পূৰ্বে পিজিআৰ-ভিজিআৰ ভূমিত উচ্ছেদৰ দাবীত সৰৱ হৈ পৰিছে জনগোষ্ঠীয় সংগঠনসমূহ।

ইয়াৰ পূৰ্বে আৰক্ষী-অৰ্ধসামৰিক বাহিনিৰ নাটনিৰ অজুহাতত অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে উচ্ছেদ অভিযান স্থগিত ৰাখিছিল। আনহাতে, যোৱা বছৰ উচ্ছেদৰ দাবীত কৰা আন্দোলনে হিংসাত্মক ৰূপ গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত অসম চৰকাৰে এই ভূমিত পৰ্যায়ক্ৰমে উচ্ছেদ চলোৱাৰ প্ৰতিশ্ৰুতি দিছিল আন্দোলনকাৰী দল-সংগঠনসমূহক। ইয়াৰ উপৰি আন্দোলনকাৰীৰ সৈতে চৰকাৰ কেইবালানি আলোচনাতো মিলিত হৈছিল। কিন্তু চৰকাৰৰ সৈতে এই আলোচনা ব্যৰ্থ হোৱাৰ অভিযোগ তুলি কাৰ্বি আংলঙৰ ভূমি সুৰক্ষাৰ আন্দোলনকাৰীসকল পুনৰ ৰাজপথত নামি পৰিছে।













