ASSAM TIMES POST
নিউজ ডেস্ক
খেল’ ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াত ১০০ মিটাৰত সোণৰ পদক লাভ কৰিলে ভাৰতৰ দ্ৰুততম মহিলা দ্যুতি চান্দে৷ কলিংগ ইনষ্টিটিউটত অব ইন্ড্ৰাষ্টিয়েল টেকন’লজীৰ হৈ ২৪ বছৰীয়া দ্যুতেয়ে ট্ৰেকত নামিছিল৷ দ্যুতিক এই দৌৰ শেষ কৰিবলৈ সময় লাগিছিল ১১.৪৯ ছেকেণ্ড৷
এই প্ৰতিযোগিতাত মাংগালোৰ বিশ্ববিদ্যালয়ৰ এছ ধনলক্ষ্মীয়ে ১১.৯৯ ছেকেণ্ডত ৰূপ আৰু মহাত্মা গান্ধী বিশ্ববিদ্যালয়ৰ স্নেহাই ১২.০৮ ছেকেণ্ডত ব্ৰঞ্জ পদক লাভ কৰে৷













