
ফ্ৰান্সত অনুষ্ঠিত জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প এক বৈঠকত মিলিত হয় (Modi Trump Talks)। প্ৰায় ১৬ মাহৰ পিছত দুয়োৱে দুয়োকে লগ পায়। মঙলবাৰে দুয়োকে কৰমৰ্দন কৰা, সৌজন্যতা বিনিময় কৰা দেখা গ’লেও কিন্তু আগৰ দৰে উষ্ম আলিংগন প্ৰত্যক্ষ কৰা নাছিল।

সূত্ৰই জনোৱা মতে, শীৰ্ষ সন্মিলনৰ আঁৰত দুয়োগৰাকী নেতাৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব পাৰে। বৈদেশিক মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, মোদী-ট্ৰাম্প দ্বিপাক্ষিক বৈঠকত বাণিজ্য চুক্তি, কৌশলগত সহযোগিতা, প্ৰতিৰক্ষা, প্ৰযুক্তি, ইৰাণ-ইউক্ৰেইন যুদ্ধকে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিষয়ত আলোচনা হ’ব পাৰে। ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ৱাশ্বিংটনৰ হোৱাইট হাউছত অনুষ্ঠিত মোদী আৰু ট্ৰাম্পৰ বৈঠকৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে তেওঁলোক বৈঠকত মিলিত হৈছে।
ইয়াৰ মাজতে নতুন দিল্লী আৰু ৱাশ্বিংটনৰ মাজত অপাৰেচন সিন্দুৰৰ ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ পিছত ট্ৰাম্পে মধ্যস্থতাৰ দাবী, ৰাছিয়াৰ পৰা তেল ক্ৰয়, আমেৰিকাৰ শুল্ক নীতি আৰু দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ খচৰা আদি বিষয়ত চৰ্চালৈ আহিছে। ভাৰতক ‘মৃত অৰ্থনীতি’ বুলিও ট্ৰাম্পে অভিহিত কৰিছে।
শেহতীয়াকৈ ওমান উপসাগৰত এখন বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণত তিনিজন ভাৰতীয় নাৱিকৰ মৃত্যুক লৈও কূটনৈতিক উত্তেজনাৰ সৃষ্টি হৈছে।
কিন্তু নতুন দিল্লীৰ মতে, ইৰাণ যুদ্ধৰ পৰিস্থিতি আৰু হৰমুজ অৱৰোধে সামগ্ৰিকভাৱে সহযোগিতাৰ এক নতুন পৰিৱেশৰ সৃষ্টি কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে মঙলবাৰে ৫২ সংখ্যক জি-৭ সন্মিলনৰ মঞ্চত মোদী আৰু ট্ৰাম্পে ওচৰা-ওচৰিকৈ বহিছিল। মঙলবাৰে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ সৈতেও মোদীয়ে সৌজন্য বিনিময় কৰা দেখা যায়।
সন্মিলনত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰপ্ৰধানসকলৰ ফটো ছেছনৰ সময়ত আয়োজক ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন পুনৰ মোদীৰ পক্ষত আছিল। উল্লেখ্য যে সোমবাৰৰ পৰা ফ্ৰান্সত তিনিদিনীয়া জি-৭ শীৰ্ষ সন্মিলন আৰম্ভ হয়। যদিও ভাৰত জি-৭ৰ স্থায়ী সদস্য নহয়, তথাপিও ভাৰতে বিশেষ আমন্ত্ৰিত দেশ হিচাপে ধাৰাবাহিকভাৱে এই সন্মিলনত অংশগ্ৰহণ কৰি আহিছে।










