
চাইবেৰিয়াৰ ইৰকুটস্ক অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ ছুপাৰছনিক বোমাৰু বিমান টিউ-২২৩ (Russian Aircraft Crash)। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰই যুদ্ধ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে ।

জানিব পৰা মতে, সোমবাৰে দুৰ্ঘটনাগ্ৰস্ত হয় বোমাৰু বিমানখন। ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযানত ৰাছিয়াই বোমাৰু বিমানখন নিয়োগ কৰিছিল। ভ্লাদিমিৰ পুটিনৰ দেশখনেও ছিৰিয়াত সামৰিক অভিযানত এই বোমাৰু বিমানখন ব্যৱহাৰ কৰিছিল।
সোমবাৰে দুৰ্ঘটনাগ্ৰস্ত হোৱা বোমাৰু বিমানখন সামৰিক অভিযানত আছিল নে নিয়মীয়া অনুশীলন চলাইছিল সেয়া স্পষ্ট হোৱা নাই। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা বিমান দুৰ্ঘটনাৰ কথাটো সুনিশ্চিত কৰিছে। ৰাছিয়াৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, চাইবেৰিয়াৰ অৰণ্যত দুৰ্ঘটনাগ্ৰস্ত হয় টুপলেভ টিইউ-২২৩ বোমাৰু বিমানখন।
বোমাৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছৰে পৰা জল্পনা-কল্পনা বাঢ়িছে যে সেয়া কেৱল দুৰ্ঘটনা আছিল নে আক্ৰমণৰ বলি হৈছিল? অৱশ্যে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰৰ উদ্ধৃতি দি ইণ্টাৰফেক্স নিউজে প্ৰকাশ কৰা অনুসৰি, জাহাজখনত পাইলটকে ধৰি চাৰিজন জোৱান আছিল।
সকলো নিৰাপদে আছে। বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা মুহূৰ্ততে চাৰিজন জোৱান বাহিৰ ওলাই আহিবলৈ সক্ষম হয়। ইৰকুটস্ক অঞ্চলৰ গৱৰ্ণৰ ইগ’ৰ কোবজেভে কয় যে কামেংকা গাঁৱৰ সমীপৰ এখন অৰণ্যত বোমাৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে বিমানখনত জুই লাগে।
পাইলটসহ চাৰিজন জোৱানক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। প্ৰথমে বিমানখনৰ ইঞ্জিন বিকল হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। TU-223 বোমাৰু বিমানখন ৰাছিয়াৰ অন্যতম উন্নত বিমান। এই বিমানখনে ২২টা ক্ষেপণাস্ত্ৰ কঢ়িয়াই নিব পৰাকৈ সক্ষম।










