কৰ্ণাটকঃ কৰ্ণাটকত চৰকাৰ গঠনৰ ‘নাটক’ৰ যৱনিকা পেলাই মুখ্যমন্ত্ৰী বিএছ য়েডিয়ুৰাপ্পা নেতৃত্বাধীন চৰকাৰখনে সোমবাৰে বিধানসভাৰ মজিয়াত আস্থাভোটত জয়লাভ কৰে। আস্থা ভোট অনুষ্ঠিত হোৱাৰ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সিদ্ধিৰামায়াই য়েডিয়ুৰাপ্পাক সমৰ্থন কৰে। তেওঁ সদনৰ মজিয়াত কৰা মন্তব্যতে এই কথা প্ৰকাশ পাইছে।
জ্যেষ্ঠ কংগ্ৰেছীজনে কয় যে বিধানসভাৰ প্ৰতিজন সদস্য জনসাধাৰণৰদ্বাৰা, তেওঁলোকৰ কাম কৰিবলৈ নিৰ্বাচিত হৈ আহে। য়েডিয়ুৰাপ্পাৰ ক্ষেত্ৰতো এয়া প্ৰযোজ্য হ’ব বুলি আশা কৰিব পাৰি। অৱশ্যে একেজন সিদ্ধিৰামায়াই য়েডিয়ুৰাপ্পাক ৰাইজৰ ভোটৰে জয়লাভ কৰিব নোৱাৰা নেতা বুলিও আখ্যা দি ভাৰতীয় জনতা পাৰ্টিৰ নেতাজন তথা দলটোকো সমালোচনা কৰে।