
বুধবাৰে ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক তামিলনাডুত চৰকাৰ গঠনৰ (Tamil Nadu Political Crisis) সুযোগ দিবলৈ অনুৰোধ জনায় যদিও ৰাজ্যপালগৰাকীয়ে তামিলাগা ভেট্টি কাঝাগাম (টিভিকে)ৰ মুৰব্বী বিজয়ক কোনো আশ্বাস নিদিলে।

এনে পৰিস্থিতিত বৃহস্পতিবাৰৰ পৰাই উৰাবাতৰি আৰম্ভ হৈছিল যে দ্ৰাবিড় ৰাজনীতিৰ দুই ‘চিৰন্তন শত্ৰু’ এম কে ষ্টেলিনৰ ডিএমকে আৰু পালানিস্বামীৰ এডিএমকেয়ে হাত মিলাই বিজয়ক বাধা দিব পাৰে।
এনে পৰিস্থিতিত বিজয়ে সকীয়াই দিয়ে যে যদি ৰাজ্যপালে একক বৃহত্তম দল টিভিকেক সুযোগ নিদিয়ে তেন্তে তেওঁলোকৰ ১০৭ জন বিধায়কে পদত্যাগ কৰিব। উল্লেখ্য যে ২৩৪ খন আসনৰ তামিলনাডু বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে ১১৮ খন আসনৰ প্ৰয়োজন।
কিন্তু কোনো দল বা মিত্ৰতাই সেই সংখ্যা নাপালে। চলচ্চিত্ৰ তাৰকা বিজয়ৰ টিভিকে ১০৭ খন আসনেৰে একক বৃহৎ দলত পৰিণত হৈছে। ডিএমকে-কংগ্ৰেছ-বাওঁপন্থী মিত্ৰজোঁটে ৭৪ আৰু এডিএমকে-বিজেপি মিত্ৰজোঁটে ৫৩ খন আসন লাভ কৰে।
ডিএমকেয়ে নিজাববীয়াকৈ ৫৯ খন আসন লাভ কৰে যদিও দলৰ মুৰব্বী তথা বিদায়ী মুখ্যমন্ত্ৰী ষ্টেলিন পৰাজিত হয়। ইয়াৰ মিত্ৰ কংগ্ৰেছে পাঁচখনত জয়লাভ কৰে। আনহাতে, প্রাক্তন মুখ্যমন্ত্রী পালানিস্বামীৰ দল এডিএমকেয়ে ৪৭ আৰু মিত্র বিজেপিয়ে এখনত জয়লাভ কৰে৷ আন এক মিত্ৰদল পিএমকেয়ে চাৰিখন আসন লাভ কৰে।
ইতিমধ্যে কংগ্ৰেছে বিজয়ক সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছে। কিন্তু ৰাজ্যপাল বিশ্বনাথে কয় যে ১১৮ জন বিধায়কৰ সমৰ্থন নোপোৱালৈকে টিভিকেক চৰকাৰ গঠনৰ বাবে নিমন্ত্ৰণ নকৰে।










