
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Modi)ক লক্ষ্য কৰি অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ (Mallikarjun Kharge) বিৰুদ্ধে। কৰ্ণাটকৰ পিছত ঠিক তিনি বছৰৰ মূৰত এইবাৰ তামিলনাডুত এই অভিযোগ উঠিছে । তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই মঙলবাৰে সংবাদমেল অনুষ্ঠিত কৰে খাৰ্গেয়ে। অভিযোগ অনুসৰি, তাত তেওঁ প্ৰধানমন্ত্ৰী মোদীক ‘সন্ত্রাসবাদী’ বুলি অভিহিত (Labelled as ‘terrorist’) কৰিছিল৷ ইয়াৰ পিছত এজন সাংবাদিকে প্ৰশ্ন উত্থাপন কৰাত কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতিজনে কয়, “মই ক’ব বিচাৰিছোঁ যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ সাধাৰণ জনগণ আৰু ৰাজনৈতিক দলক আতংকিত কৰি তুলিছে। মই প্ৰধানমন্ত্ৰীক সন্ত্ৰাসবাদী বুলি কোৱা নাছিলোঁ।”

কিন্তু নিৰ্বাচনী প্ৰচাৰৰ অন্তিমদিনা খাৰ্গেৰ ‘মন্তব্য’ৰ সুযোগ গ্ৰহণ কৰিছে বিজেপিয়ে। দলটোৱে কংগ্ৰেছক ‘নগৰীয়া নক্সালৰ দল’ বুলি অভিহিত কৰে। মঙলবাৰে এক সংবাদমেলত খাৰ্গেয়ে তামিলনাডু নিৰ্বাচনত বিজেপিৰ মিত্ৰ দল এআইএডিএমকেকো আক্ৰমণ কৰে। তেওঁ কয়, “দ্ৰাবিড় আন্দোলনৰ নেতা আন্নাদুৰাইৰ ছবি ব্যৱহাৰ কৰা এই এআইএডিএমকেৰ লোকসকলে কেনেকৈ মোদীৰ সৈতে যোগ দিব পাৰে? মোদীৰ দলটোৱে সমতা আৰু ন্যায়ত বিশ্বাস নকৰে। এআইএডিএমকেয়ে মোদীৰ সৈতে হাত মিলাই আন্নাদুৰাই, কামৰাজ, পেৰিয়াৰ, কলাইগনাৰ (কৰুণানিধি), বাবা চাহেব আম্বেদকাৰৰ দৰ্শনক দুৰ্বল কৰি তুলিছে।”
উল্লেখ্য যে ২০২৩ চনৰ এপ্ৰিল মাহত খাৰ্গেয়ে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মোদীক বিষাক্ত সাপৰ সৈতে তুলনা কৰিছিল। তেওঁ কৈছিল, ”প্ৰধানমন্ত্ৰী মোদী বিষাক্ত সাপৰ দৰে। আপুনি হয়তো ভাবিব পাৰে যে এই সাপডালত বিষ আছেনে নাই। কিন্তু তেনে কৰিবলৈ গৈ যদি তেওঁ এবাৰো সাপডাল চেলেকি দিয়ে, তেন্তে মৃত্যু নিশ্চিত।” খাৰ্গেৰ এই মন্তব্যত আশা কৰা মতেইআক্ৰমণাত্মক হৈ পৰে বিজেপি। অৱশেষত হেঁচাত পৰি কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ক্ষমা খুজিবলৈ বাধ্য হয়।












