
মাটি দিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে ওড়িশাৰ এগৰাকী আমোলাৰ বিৰুদ্ধে। কেৱল সেয়াই নহয়, তেওঁৰ বিৰুদ্ধে মৃত্যুৰ ভাবুকিৰ গোচৰো ৰুজু কৰা হৈছে। অভিযুক্তৰ নাম আৰাধনা দাস। ওড়িশাৰ গৃহ বিভাগৰ অতিৰিক্ত সচিব তেওঁ।

আৰাধনাই কটক জিলাৰ কটক উন্নয়ন কৰ্তৃপক্ষৰ এলেকাত কমল কুমাৰ বৌশিংকা নামৰ বিশেষভাৱে সক্ষম ব্যক্তিক মাটিৰ প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ। ইয়াৰ বাবে তেওঁ ব্যক্তিজনৰ পৰা ৯৫ লাখ টকা লৈছিল।
কিন্তু ব্যক্তিজনে দাবী কৰে যে টকা লোৱাৰ পিছতো মাটি দিয়া হোৱা নাই। কেৱল সেয়াই নহয়, টকা খুজিবলৈ যাওঁতে তেওঁক গালিগালাজ কৰে। আনকি তেওঁক মৃত্যুৰ ভাবুকিও দিয়া হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযোগকাৰীৰ পত্নী বীনা বৌশিংকাই আৰাধনাক দুটা কিস্তিত ধন দিয়া বুলি দাবী কৰিছে। আৰাধনাৰ বিৰুদ্ধে চিডিএ ফেজ-২ থানাত এজাহাৰ দাখিল কৰা হৈছে।
প্ৰাথমিক তদন্তৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে কমল কুমাৰে আমোলাগৰাকীক ৯৫ লাখ টকা দিছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, আৰাধনাই তদন্তত সহযোগ কৰা নাই। আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে গৃহ বিভাগ আৰু প্ৰশাসনিক বিভাগৰ পৰা অনুমতি বিচাৰিছে যাতে অভিযুক্ত আমোলাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়।












