
নয়ডাত অধিক মজুৰি আৰু অন্যান্য সা-সুবিধাৰ দাবীত শ্ৰমিকসকলৰ প্ৰতিবাদ হিংসাত্মক হৈ পৰিছে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰাৰ লগে লগে প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বাহনকে ধৰি এম্বুলেন্স ভাঙি পেলোৱা আৰু শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। বিভিন্ন ঠাইত জুই লগোৱা হৈছিল। ফলস্বৰূপে, যুদ্ধক্ষেত্ৰত পৰিণত হৈছে নয়ডাৰ ফেজ-২ অঞ্চল।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছে যে শ্ৰমিকসকলক উচিত দৰমহা দিব লাগিব আৰু উদ্যোগসমূহে শ্ৰম আইন মানি চলিব লাগিব। অৱশ্যে তেওঁ প্ৰশাসনক শ্ৰমিকসকলক উচটনি দিয়াৰ চেষ্টা কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে।
নয়ডাৰ ফেজ-২ এলেকাত একাধিক কাৰখানা আছে। যোৱা কিছুদিন ধৰি এই কাৰখানাসমূহৰ শ্ৰমিকসকলে উচ্চ মজুৰি আৰু উন্নত কৰ্ম পৰিস্থিতিৰ বাবে প্ৰতিবাদ কৰি আহিছে। হাৰিয়ানা চৰকাৰে অদক্ষ শ্ৰমিকৰ বাবে নূন্যতম মজুৰি ৩৫ শতাংশ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।
তাৰ পিছত প্ৰতিবাদ আৰম্ভ হৈছিল। নতুন ঘোষণা কাৰ্যকৰী হোৱাৰ পিছত, শ্ৰমিকসকলৰ মাহিলী মজুৰি ১১,২৭৪ টকাৰ পৰা ১৫,২২০ টকালৈ বৃদ্ধি কৰা হৈছে। এতিয়া নয়ডাৰ শ্ৰমিকসকলে উত্তৰ প্ৰদেশ চৰকাৰেও নূন্যতম মজুৰি বৃদ্ধি কৰাৰ দাবী উত্থাপন কৰিছে।
প্ৰতিবাদকাৰীসকলে যুক্তি দিছিল যে হাৰিয়ানাৰ শ্ৰমিকসকলক একেটা কামৰ বাবে তেওঁলোকতকৈ অধিক দৰমহা দিয়া হৈছে। কৰ্মীসকলে কৰ্মস্থানৰ নিৰাপত্তাহীনতা, সাপ্তাহিক বন্ধৰ অভাৱ আৰু সঠিক অভিযোগ নিষ্পত্তি প্ৰণালীৰ অভাৱৰ বিষয়েও উদ্বেগ প্ৰকাশ কৰিছে।
নয়ডা আৰক্ষীয়ে কয় যে শীৰ্ষ বিষয়াসকলক প্ৰতিবাদস্থলীলৈ ততাতৈয়াকৈ লৈ যোৱা হৈছিল। পৰিস্থিতি তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি থকা হৈছে। আৰক্ষীয়ে এইটোও কৈছিল যে তেওঁলোকে কৰ্মীসকলৰ সৈতে কথা পাতি আছিল আৰু তেওঁলোকক সংযম অৱলম্বন কৰিবলৈ আহ্বান জনাইছিল।
আৰক্ষীয়ে উল্লেখ কৰিছিল যে তেওঁলোকে পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ নূন্যতম শক্তি ব্যৱহাৰ কৰি আছে আৰু সাধাৰণ ৰাইজক উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিবলৈ আহ্বান জনাইছিল। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে প্ৰতিজন শ্ৰমিকৰ উচিত মজুৰি, এক সুৰক্ষিত কৰ্ম পৰিৱেশ আৰু মৌলিক সুবিধাৰ অধিকাৰ আছে।
তেওঁ উদ্যোগসমূহক শ্ৰম আইন মানি চলিবলৈ আৰু শ্ৰমিকসকলে উত্থাপন কৰা সমস্যাসমূহ সমাধানৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনায়। ৰাজ্যিক শ্ৰম বিভাগক স্থানীয় প্ৰশাসন আৰু উদ্যোগৰ সৈতে আলোচনা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
তেওঁ কয়, ‘শ্ৰমিকৰ নাম নষ্ট কৰি বিশৃংখলতাৰ সৃষ্টি কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু ঔদ্যোগিক অঞ্চলত নিৰাপত্তা শক্তিশালী কৰিব লাগিব। তেওঁ লগতে দাবী কৰে যে “প্ৰায় বিলুপ্ত হৈ যোৱা নক্সালবাদক পুনৰুজ্জীৱিত কৰাৰ ষড়যন্ত্ৰ”ৰ প্ৰতি সাধাৰণ মানুহ সতৰ্ক হ’ব লাগে।












