
বিশ্বৰ শক্তিৰ বজাৰখন পুনৰ অনিশ্চয়তাৰ ডাৱৰেৰে আৱৰি ধৰিছে। সামগ্ৰী পৰিবহণৰ বাবে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ জলপথ হৰমুজ প্ৰণালী বন্ধ কৰাৰ কথা ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

আৰু তাৰ পিছত খাৰুৱা তেলৰ দাম তীব্ৰভাৱে বৃদ্ধি পাইছে। অৱশ্যে যোৱা শুকুৰবাৰে ইছলামাবাদত আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি বৈঠক আৰম্ভ হোৱাৰ পাছত খাৰুৱা তেলৰ মূল্য কিছু হ্ৰাস পাইছিল।
সোমবাৰে প্ৰতি বেৰেলত আমেৰিকাৰ খাৰুৱা তেলৰ মূল্য ৮ শতাংশ বৃদ্ধি পাই ১০৪.২৪ ডলাৰ (ভাৰতীয় মুদ্ৰাত ৯,৭৩৯.২৩) হয়। প্ৰতি বেৰেলত ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য ৭ শতাংশ বৃদ্ধি পাই ১০২.২৯ ডলাৰ (ভাৰতীয় মুদ্ৰাত ৯,৫৫৫.০৪) হয়। পশ্চিম এছিয়াত যুদ্ধ আৰম্ভ হোৱাৰ আগতে খাৰুৱা তেলৰ বেৰেলৰ মূল্য আছিল প্ৰায় ৭০ ডলাৰ (ভাৰতীয় মুদ্ৰাত ৬৫৪০)।
এটা সময়ত আনকি ১১৯ ডলাৰলৈও (ভাৰতীয় মুদ্ৰাত ১১,১৩১.৫৭) বৃদ্ধি পাইছিল। শেহতীয়াকৈ আমেৰিকা আৰু ইৰাণৰ মাজত সংঘাত লাঘৱ হোৱাৰ লগে লগে তেলৰ বজাৰখন সামান্য উন্নতি ঘটিছে বুলি ভবা হৈছিল। হৰমুজৰ মাজেৰে তেল কঢ়িয়াই অনা টেংকাৰ বা জাহাজৰ সংখ্যা বাঢ়ি আহিছিল।
কিন্তু শান্তি বৈঠকৰ পতন আৰু ট্ৰাম্পৰ হৰমুজৰ ‘অৱৰোধ’ ঘোষণাই পুনৰ ইন্ধন যোগানত প্ৰভাৱ পেলাব পাৰে বুলি আশংকা কৰা হৈছে। ট্ৰাম্পৰ এই নিৰ্দেশৰ পিছতে ছচিয়েল মিডিয়াত আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে এক বিবৃতি প্ৰকাশ কৰে।
ইয়াত কোৱা হৈছে যে হৰমুজ অৱৰোধ সকলো দেশতে নিৰপেক্ষভাৱে প্ৰয়োগ কৰা হ’ব। ইৰাণৰ যিকোনো বন্দৰত প্ৰৱেশ বা প্ৰস্থান কৰিবলৈ চেষ্টা কৰা সকলো জাহাজ বন্ধ থাকিব। এই আদেশ আৰব উপসাগৰ আৰু ওমান উপসাগৰৰ ইৰাণৰ বন্দৰসমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।
অৱশ্যে ইৰাণৰ বন্দৰৰ সৈতে কোনো ধৰণৰ যোগাযোগ নোহোৱাকৈ হৰমুজৰ মাজেৰে যাত্ৰা কৰিবলগীয়া জাহাজসমূহ আমেৰিকাৰ সেনাই বন্ধ নকৰে। তেওঁলোকৰ যাতায়াতৰ স্বাধীনতাত কোনো বাধা নাথাকিব। যদিও আংশিক অৱৰোধৰ কথা চৰ্চা হৈছে, তথাপিও তেল পৰিবহণ কোম্পানীসমূহৰ আশংকা হ্ৰাস পোৱা নাই।
কোম্পানীসমূহৰ মতে, হৰমুজ আংশিকভাৱে বন্ধ হৈ থাকিলেও জাহাজসমূহে গন্তব্যস্থানত উপনীত হ’বলৈ বহু বেছি সময় লাগিব। ফলত কেৱল পৰিবহণৰ খৰচ বৃদ্ধি হোৱাই নহয়, নিৰাপত্তাজনিত বিপদো বৃদ্ধি পাব। কাৰণ ভূ-ৰাজনৈতিক কাৰণত ইৰাণে এই সংকীৰ্ণ প্ৰণালীৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ শিথিল কৰিব নিবিচাৰিব।
যদি তেওঁলোকেও আমেৰিকাৰ অৱৰোধৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণ কৰে তেন্তে পৰিস্থিতি উত্তেজিত হ’ব। সংবাদ সংস্থা এ পিৰ মতে, আমেৰিকা আৰু ইৰাণৰ মাজত ১৪ দিনীয়া যুদ্ধবিৰতি ঘোষণা কৰাৰ পাছৰে পৰা হৰমুজ প্ৰণালীৰ মাজেৰে ৪০খন বাণিজ্যিক টেংকাৰ পাৰ হৈ গৈছে।
একাংশ বিশেষজ্ঞৰ মতে, হৰমুজ প্ৰণালী ক্ৰমান্বয়ে যুদ্ধৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিছিল। কিন্তু ট্ৰাম্পে আচলতে হৰমুজ প্ৰণালী অৱৰোধ কৰি ইৰাণৰ তেল ৰপ্তানিৰ পথ বন্ধ কৰিবলৈ চেষ্টা কৰিছে। ইৰাণে প্ৰতিদিনে বিশ্বলৈ ২০ লাখ বেৰেল তেল ৰপ্তানি কৰে।
এই তেলৰ অধিকাংশই হৰমুজৰ জৰিয়তে বিভিন্ন দেশলৈ যায়। এই বিপুল পৰিমাণৰ তেল ৰপ্তানি বন্ধ হ’লে বিশ্বৰ শক্তি যোগান স্বাভাৱিকভাৱে প্ৰভাৱিত হ’ব। ফলত খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাব। তেনে ক্ষেত্ৰত পুনৰ বৃদ্ধি পাব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য।












