
ইছলামাবাদত অনুষ্ঠিত আমেৰিকা-ইৰাণৰ (Iran Peace Talks) মিলন বৈঠকত পাকিস্তানৰ ভূমিকা সম্পৰ্কে মুকলিকৈ প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। পাকিস্তানৰ ভূমিকাক লৈ তেওঁ সুখী বুলিও কয়। ট্ৰাম্পৰ এই বক্তব্যত দেশখনৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু সেনাপ্ৰধান ফিল্ড মাৰ্শ্বাল আচিম মুনিৰক অতিশয় প্ৰশংসা কৰে।

ইয়াত ভাৰতৰ কথাও উল্লেখ কৰা হয়। ইৰাণৰ সৈতে হোৱা আলোচনা ব্যৰ্থ হোৱাৰ পিছতে পাকিস্তানৰ পৰা ‘বেয়া খবৰ’ দিয়ে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে। তেওঁলোকে উভতি আহি ট্ৰাম্পক এই বৈঠকৰ বিষয়ে অৱগত কৰে।
ইয়াৰ পিছতে ছচিয়েল মিডিয়াত ট্ৰাম্পে এক বিবৃতি প্ৰকাশ কৰি লিখিছে, “ভেন্স, উইটকফ আৰু কুছনাৰে মোক ইছলামাবাদৰ বৈঠকৰ বিষয়ে অৱগত কৰিছে। পাকিস্তানৰ ফিল্ড মাৰ্শ্বাল আচিম মুনীৰ আৰু প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ অতি সক্ষম নেতৃত্বৰ বাবেই এই বৈঠক সম্ভৱ হৈছিল।
তেওঁলোক অসাধাৰণ লোক। ভাৰতৰ সৈতে হোৱা ভয়ংকৰ যুদ্ধ বন্ধ কৰি ৩০ৰ পৰা ৫ কোটি লোকৰ জীৱন ৰক্ষা কৰাৰ বাবে তেওঁলোকে মোক বাৰে বাৰে ধন্যবাদ জনাইছে। মই সেই কথা সকলো সময়তে শুনি ভালপাওঁ। তেওঁলোকে মানৱতাৰ কথা কয়।’’
উল্লেখযোগ্য যে যোৱা বছৰৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ লয়। ‘অপাৰেচন সিন্দুৰ’ত কেইবাটাও পাকিস্তানী সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা হয়। উক্ত অভিযানৰ পিছত ট্ৰাম্পে দাবী কৰিছিল যে দুয়োখন দেশৰ সামৰিক সংঘাতত জড়িত যুদ্ধখন তেওঁ বন্ধ কৰি দিছে। ভাৰত চৰকাৰে কিন্তু সেই দাবী মানি লোৱা নাই।
ইয়াৰ বিপৰীতে নতুন দিল্লীয়ে বাৰে বাৰে উল্লেখ কৰি আহিছে যে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ সিদ্ধান্ত দুয়োখন দেশৰ মাজত হোৱা আলোচনাৰ ভিত্তিতহে হৈছে। তাৰ আঁৰত কোনো তৃতীয় দেশ নাই। অৱশ্যে পাকিস্তানে আৰম্ভণিৰে পৰাই ট্ৰাম্পৰ মধ্যস্থতা দাবী কৰি আহিছে। আমেৰিকা-ইৰাণ চুক্তিৰ আলোচনাত ভাৰত-পাকিস্তান সংঘাতৰ বিষয়টোও উত্থাপন কৰে ট্ৰাম্পে।
বিবৃতিটোত ইৰাণক সমালোচনা কৰি ট্ৰাম্পে লিখিছে, “ইৰানে হৰমুজ প্ৰণালী মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তেওঁলোকে জানি-বুজিও তেনে কৰা নাই। ইয়াৰ বাবেই বহু লোক, বহু দেশ বিপদত পৰিছে। প্ৰতিশ্ৰুতি অনুসৰি, তেওঁলোকে নিজৰ আন্তঃৰাষ্ট্ৰীয় জলপথ সোনকালে মুকলি কৰিব লাগিব।”
পাকিস্তানৰ বৈঠক সন্দৰ্ভত ট্ৰাম্পে কয়, “পুৱাৰে পৰা নিশালৈকে প্ৰায় ২০ ঘণ্টা ধৰি বৈঠক চলে। তাত কি হৈছিল মই বিতংভাৱে ক’ব পাৰো। কিন্তু ইয়াত এটা কথা গুৰুত্বপূৰ্ণ, ইৰাণে পাৰমাণৱিক শক্তিধৰ হোৱাৰ ইচ্ছাৰ পৰা পিছুৱাই যাব নিবিচাৰে।
দুয়োপক্ষই বহু বিষয়ত একমত হৈছে। ইয়াৰ ফলত আমাৰ সামৰিক অভিযান বন্ধ হ’ব পাৰিলেহেঁতেন। কিন্তু এনে অস্থিৰ লোকৰ হাতত পাৰমাণৱিক শক্তি গতাই দিয়া কথাৰ কোনো গুৰুত্ব নাই। মোৰ তিনিজন প্ৰতিনিধিয়ে ইৰাণৰ প্ৰতিনিধি দলৰ সৈতে বন্ধুত্বপূৰ্ণ ৰূপ ধাৰণ কৰিছে।
কিন্তু তাত কোনো লাভ হোৱা নাই। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোত তেওঁলোক অনমনীয় হৈ পৰিছে। আৰু মই আৰম্ভণিৰে পৰাই কৈ আহিছো, আমি কেতিয়াও ইৰাণক পাৰমাণৱিক শক্তি লাভ কৰিবলৈ নিদিওঁ।” উল্লেখযোগ্য যে ইৰাণৰ সৈতে হোৱা চুক্তি বিফলৰ পিছত ট্ৰাম্পে হৰমুজ প্ৰণালী অৱৰোধৰ আহ্বান জনাইছিল।
কোৱা হৈছে যে সোমবাৰে সন্ধিয়া ৭.৩০ বজাৰ পৰা (ভাৰতৰ সময় অনুসৰি) এই জলদ্বীপৰ মাজেৰে যাত্ৰা কৰা জাহাজসমূহক আমেৰিকাই বাধা দিব। ইৰাণক শুল্ক দি কোনেও এই জলপথ ব্যৱহাৰ কৰিব নোৱাৰিব বুলি সকীয়াই দিছে ট্ৰাম্পে। সন্ধিয়াৰ পৰা হয়তো পুনৰ সক্ৰিয় হ’ব পাৰে যুদ্ধ।












