
মধ্যপ্ৰদেশৰ মৰেনা জিলা (Morena district of Madhya Pradesh)ত অন্ধবিশ্বাসৰ চূড়ান্ত নিদৰ্শন (Ultimate manifestation of superstition)। ৪৫ বছৰীয়া এগৰাকী মহিলাই দেৱীৰ চৰণ (feet of the goddess)ত নিজৰ জিভা উছৰ্গা (Stick out your tongue) কৰে। বুধবাৰে বিয়লি পোৰ্ছা থানাৰ তৰ্ছামা গাঁৱৰ বিজাসেন মাতা মন্দিৰত সংঘটিত হয় এই লোমহৰ্ষক ঘটনা। গুৰুতৰভাৱে আহত মহিলাগৰাকীৰ নাম গুড্ডি টোমাৰ (Guddi Tomar)। সম্প্ৰতি তেওঁ মৰেনা জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
পৰিয়ালৰ সূত্ৰ অনুসৰি, গুড্ডী এগৰাকী দুৰ্গা দেৱীৰ এক নিষ্ঠাৱান ভক্ত। তেওঁৰ স্বামী ৰবি টোমাৰে কয় যে বিয়াৰ পিছৰে পৰা গুড্ডীয়ে নিয়মিতভাৱে প্ৰতিদিনে পুৱা আৰু গধূলি গাঁৱৰ মন্দিৰলৈ গৈ পূজা কৰে। তেওঁলোকৰ তিনিটা সন্তানো আছে। বুধবাৰে দুপৰীয়া মন্দিৰত প্ৰাৰ্থনা কৰি থাকোঁতে হঠাৎ চোকা অস্ত্ৰৰে জিভা কাটি দেৱীৰ মূৰ্তিৰ সন্মুখত আগবঢ়াই দিয়ে। ৰক্তাক্ত অৱস্থাত লগে লগে তেওঁ চেতনা হেৰুৱাই মন্দিৰৰ মজিয়াত ঢলি পৰে। এই দৃশ্য দেখি মন্দিৰত উপস্থিত থকা আন ভক্তসকল আতংকিত হৈ পৰে।

এই খবৰ পোৱাৰ পিছতে পৰ্ছা থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষী বিষয়া অতুল সিঙে জনোৱা মতে, উপস্থিত ৰাইজৰ সহায়ত মহিলাগৰাকীক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আৰক্ষীৰ প্ৰাৰম্ভিক অনুমান যে মহিলাগৰাকীয়ে অন্ধবিশ্বাস আৰু গভীৰ ধৰ্মীয় অনুভূতিৰ বাবেই এনে এক চৰম পদক্ষেপ লয়। অৱশ্যে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে প্ৰশাসনে। এই মন্দিৰত এনে ঘটনা নতুন নহয় বুলি গাঁওবাসীয়ে দাবী কৰে। বিগত সময়ত এই চৌহদতে ছোৱালীৰ জিভা কাটি বলি দিয়াৰ কমেও তিনিটা ঘটনা সংঘটিত হৈছে। স্থানীয় ৰাইজৰ মতে, পূৰ্বতে এনেধৰণৰ কাম কৰাসকল অলৌকিকভাৱে কোনো চিকিৎসা নোপোৱাকৈ সুস্থ হৈ উঠিছিল।
উল্লেখ্য যে ২০১৬ চনত ছত্তীশগড়ৰ ৰায়গড় জিলাৰ এগৰাকী ১১ বছৰীয়া কিশোৰীয়েও শিৱৰ চৰণত জিভা বলি দিছিল। বাৰে বাৰে সজাগতা অভিযান চলোৱাৰ পাছতো আধুনিক যুগতো এনেধৰণৰ ধৰ্মীয় কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ পুনৰাবৃত্তিয়ে সমাজ আৰু প্ৰশাসনৰ বাবে ডাঙৰ প্ৰশ্নৰ উত্থাপন কৰিছে। চিকিৎসকে জনোৱা মতে, মহিলাগৰাকীৰ অৱস্থা বৰ্তমান সুস্থিৰ যদিও তেওঁৰ আঘাত যথেষ্ট গভীৰ।












