
ইজৰাইলৰ আক্ৰমণৰ ফলত লেবাননত (Israel Attack on Lebanon) অসামৰিক লোকৰ মৃত্যুৰ ঘটনাক লৈ ভাৰতে উদ্বেগ প্ৰকাশ কৰিছে। নতুন দিল্লীয়ে স্পষ্ট কৰি দিছে যে ইজৰাইলৰ এনে আক্রমণক ভাৰতে কোনো প্রকাৰে সমর্থন নকৰে৷

একে সময়তে ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে লেবাননত ভাৰতীয়সকলৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। শুকুৰবাৰে লেবাননৰ পৰিস্থিতি সন্দৰ্ভত ৰণধীৰ জয়ছোৱালে কয়, “অসামৰিক লোকৰ মৃত্যুৰ খবৰক লৈ আমি গভীৰভাৱে উদ্বিগ্ন।”
লেবাননত থকা ৰাষ্ট্ৰসংঘৰ অন্তৱৰ্তীকালীন বাহিনীৰ (ইউনিফিল) সেনা যোগানকাৰী হৈছে ভাৰত। উক্ত বিষয়টোৰ ওপৰত আলোকপাত কৰি জয়ছোৱালে কয়, “ইউনিফিললৈ সেনা অৱদান আগবঢ়োৱা দেশ হিচাপে আমি ক’ব পাৰো যে পৰিঘটনাৰ গতিপথ অতি উদ্বেগজনক।”
আন্তঃৰাষ্ট্ৰীয় আইন মানি চলাৰ ওপৰতো জয়ছোৱালে গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, “ভাৰতে সদায় সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ ওপৰত সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। আন্তঃৰাষ্ট্ৰীয় আইন মানি চলিব লাগে আৰু আন দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক সন্মান কৰা উচিত।” তেওঁ লগতে কয় যে লেবাননত থকা ভাৰতীয় দূতাবাসে দেশখনৰ ভাৰতীয় নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ওপৰত সদায় নিৰীক্ষণ কৰি আছে।
ভাৰতে শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে উপসাগৰীয় দেশসমূহৰ সৈতে যোগাযোগ বৃদ্ধি কৰিছে বুলিও তেওঁ কয়। তেওঁ লগতে কয়, “আমি পশ্চিম এছিয়াৰ পৰিস্থিতি তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছোঁ। উপসাগৰীয় দেশসমূহৰ সৈতেও আমি যোগাযোগত আছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত কেন্দ্ৰীয় মন্ত্ৰীসকলে উপসাগৰীয় দেশসমূহ ভ্ৰমণ কৰি আমাৰ শক্তি সুৰক্ষা শক্তিশালী কৰিবলৈ আগবাঢ়িছে।”
তেওঁৰ মতে, ভাৰতে কেৱল নিজৰ শক্তি সুৰক্ষাৰ কথাই চিন্তা কৰা নাই, একে সময়তে ইয়াৰ ওচৰ-চুবুৰীয়াৰ অনুৰোধত তেওঁলোকৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰি আছে।
উল্লেখ্য যে ইজৰাইলৰ আক্ৰমণৰ ফলত লেবাননত ২৪ ঘণ্টাত ২৫০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। আহত হৈছে হাজাৰোধিক লোক। সৰ্বাধিক লোকৰ মৃত্যু হৈছে লেবাননৰ ৰাজধানী বেহৰুটত।
এই আক্ৰমণৰ প্ৰতিবাদত ইৰাণে পুনৰ হৰমুজ প্ৰণালী ‘অৱৰোধ’ কৰিছে। আমেৰিকাও বিপদত পৰিছে। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে এই গুৰুত্বপূৰ্ণ জলপথটো শীঘ্ৰে মুকলি কৰাৰ দাবী জনাইছে হোৱাইট হাউছে। শেহতীয়া পৰিস্থিতিত প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে যে পশ্চিম এছিয়ালৈ শান্তি ঘূৰি আহিবনে নাই।












