
যমুনা নদীত উলটিল নাও। এই নাও দুৰ্ঘটনাত কমেও ১০ জনৰ মৃত্যু হৈছে। আটাইকেইজনেই পঞ্জাৱৰ লুধিয়ানাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মথুৰাৰ বৃন্দাবনত সংঘটিত হয় এই দুৰ্ঘটনা(Mathura Boat Tragedy)।

আৰক্ষীৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে বিয়লি প্ৰায় ৩ বজাৰ ওচৰত বৃন্দাবনৰ কেশী ঘাটৰ সমীপত এখন নাও উলটি যোৱাত কমেও ১০ জন লোকৰ মৃত্যু হয়। লুধিয়ানাৰ পৰা ৩০ জনীয়া এটা দল বৃন্দাবনলৈ আহিছিল। যমুনা নদীত যাত্ৰা কৰিবলৈ দুখন নাও ভাড়াত লোৱা হৈছিল।
আৰক্ষীৰ প্ৰাৰম্ভিক অনুমান অনুসৰি, যমুনাৰ পণ্টুন দলঙত খুন্দা মৰাৰ ফলত এখন নাৱে নিয়ন্ত্ৰণ হেৰুৱাই উলটি যায়। আগ্ৰা ৰেঞ্জৰ ডি আই জি সৈলেশ পাণ্ডেয়ে কয় যে নাওখন উলটি যোৱাৰ প্ৰকৃত কাৰণ সঠিক তদন্তৰ পিছতহে জানিব পৰা যাব। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে উদ্ধাৰৰ কাম আৰম্ভ হয়।
এই দুৰ্ঘটনাত প্ৰায় ১৫ জন পৰ্যটকৰ জীৱন ৰক্ষা পৰে যদিও ১০ জন ডুব যায়। কেইবাজনো লোক সন্ধানহীন হৈ আছে। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ সমান্তৰালকৈ ভাৰতীয় সেনায়ো উদ্ধাৰ কামত সহযোগিতা আগবঢ়াইছে। সৈলেশে কয় যে নিৰুদ্দেশ হোৱা লোককেইজনৰ সন্ধান অব্যাহত আছে।
মথুৰা জিলা দণ্ডাধীশ চন্দ্ৰপ্ৰকাশ সিঙে উদ্ধাৰ অভিযানৰ তদাৰক কৰিছে। তেওঁ কয় যে উদ্ধাৰ হোৱা পৰ্যটকসকলক ক্ষিপ্ৰতাৰে বৃন্দাবনৰ ৰামকৃষ্ণ মিছন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ডুবাৰু প্ৰেৰণ কৰি প্ৰশাসনে যমুনা নদীত অনুসন্ধান অভিযান চলাই আছে।
ইফালে শুকুৰবাৰৰ নাও দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। আহতসকলৰ আশু আৰোগ্য কামনা কৰে মোদীয়ে। আদিত্যনাথে সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়ে। প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ পৰা মৃতকৰ নিকটাত্মীয়লৈ ২ লাখ আৰু আহতসকললৈ ৫০ হাজাৰকৈ এককালীন সাহায্য ঘোষণা কৰা হৈছে












