
বাংলাদেশ (Bangladesh)ৰ বেগম ৰোকেয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰী আবু চৈয়দৰ হত্যা (Student Abu Saiyad)ৰ অভিযোগত (Allegation of murder) আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণে (International Criminal Jurisdiction) দুজন প্ৰাক্তন আৰক্ষীক (Former police) মৃত্যুদণ্ড প্ৰদান (Capital punishment) কৰিছে। বাকী ২৮ জন অভিযুক্তৰ কেইবাজনকো যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিয়া হৈছিল। ন্যায়াধীশ মহম্মদ নজৰুল ইছলাম চৌধুৰীৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে বৃহস্পতিবাৰে এই ৰায় প্ৰদান কৰে। আবু চৈয়দ আছিল বাংলাদেশৰ বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ অন্যতম মুখ।

২০২৪ চনৰ ১৬ জুলাইত ৰংপুৰত এক প্ৰতিবাদৰ সময়ত তেওঁক গুলীয়াই হত্যা কৰা হৈছিল। হত্যাকাণ্ডৰ ভিডিঅ’টো পোহৰলৈ অহাৰ লগে লগে জনতা অধিক উত্তেজিত হৈ পৰিছিল। গণ আন্দোলনৰ ফলত শ্বেখ হাছিনাৰ চৰকাৰ এমাহৰ ভিতৰতে ভাঙি পৰিছিল। মুজিবৰ জীয়েক দেশ এৰি ভাৰতলৈ আহিছিল। আবু চৈয়দ হত্যাকাণ্ডৰ গোচৰত মুঠ ৩০ জন লোকৰ নাম উল্লেখ কৰা হৈছে। ন্যায়াধিকৰণে প্ৰাক্তন সহকাৰী উপ-পৰিদৰ্শক আমিৰ হুছেইন আৰু প্ৰাক্তন কনিষ্টবল সুজন চন্দ্ৰ ৰয়ক মৃত্যুদণ্ড প্ৰদান কৰে। এই দুজনৰ উপৰিও আন চাৰিজন অভিযুক্ত আদালতত উপস্থিত আছিল। বাকীসকল পলাতক।












