
মধ্য এছিয়াৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ এক ডাঙৰ টাৰ্নিং পইণ্ট। ইৰাণৰ বিৰুদ্ধে সামৰিক আক্ৰমণ (Military attack against Iran) দুসপ্তাহৰ বাবে স্থগিত (Suspended for two weeks) ৰখাৰ কথা ঘোষণা কৰিছে আমেৰিকাৰ (Announcement of America) ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। বিনিময়ত ইৰাণে হৰমুজ প্ৰণালী মুকলি (Iran has opened the Hormuz Strait) কৰিবলৈ সন্মত হৈছে (Agreed)। বিশ্বৰ শক্তি বজাৰৰ বাবে এয়া এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ। ট্ৰাম্পে ইৰাণক সকীয়াই দিছিল যে যদিহে ইৰাণে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি নকৰে তেন্তে এক বৃহৎ আক্ৰমণ সংঘটিত হ’ব। প্ৰদান কৰা নিৰ্দিষ্ট সময়সীমাৰ শেষ মুহূৰ্তত এই ঘোষণা কৰা হৈছে।
কূটনৈতিক প্ৰচেষ্টা, বিশেষকৈ শ্বাহবাজ শ্বৰীফৰ মধ্যস্থতাত এই সাময়িক চুক্তিখন সম্ভৱ হৈছে। চুক্তি অনুসৰি, দুয়োপক্ষই সাময়িকভাৱে সামৰিক কাৰ্যকলাপ স্থগিত ৰাখিব আৰু এই সময়ছোৱাত দীৰ্ঘম্যাদী শান্তি চুক্তিৰ দিশত আগবাঢ়িবলৈ চেষ্টা কৰিব। ট্ৰাম্পে কয় যে ইৰাণে ১০ দফীয়া প্ৰস্তাৱ আগবঢ়াইছে, যিটোৱে ভৱিষ্যতৰ আলোচনাৰ ভিত্তি হিচাপে কাম কৰিব পাৰে। হৰমুজ প্ৰণালী বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ তেল পৰিবহণ পথ। এই পথটো বন্ধ হোৱাৰ ফলত বিগত কেইসপ্তাহমানৰ পৰা বিশ্ব বজাৰত তেলৰ মূল্য বৃদ্ধি পোৱাৰ লগতে যোগানৰ ক্ষেত্ৰত যথেষ্ট অনিশ্চয়তাৰ সৃষ্টি হৈছে। এতিয়া এই প্ৰণালীটো মুকলি কৰাৰ সম্ভাৱনা উত্থাপন হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বজাৰত ইতিবাচক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

তেলৰ মূল্য হ্ৰাস পাইছে আৰু শ্বেয়াৰ বজাৰত বৃদ্ধি দেখা গৈছে। অৱশ্যে পৰিস্থিতি এতিয়াও সম্পূৰ্ণ সুস্থিৰ হোৱা নাই। ইৰাণে স্পষ্ট কৰি দিছে যে এয়া স্থায়ী শান্তি চুক্তি নহয়, বৰঞ্চ সাময়িক যুদ্ধবিৰতিহে। তেওঁলোকে দাবী কৰে যে ভৱিষ্যতে আক্ৰমণ বন্ধ কৰিবলৈ নিশ্চয়তা দিব লাগিব, নিষেধাজ্ঞা উঠাই ল’ব লাগিব আৰু আঞ্চলিক নিৰাপত্তা নিশ্চিত কৰিব লাগিব। আনহাতে, এই সিদ্ধান্তই আমেৰিকাৰ ৰাজনীতিতো মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যুদ্ধৰ পৰা হাত সাৰিবলৈ কৌশল হিচাপে একাংশই ইয়াক আদৰণি জনোৱাৰ বিপৰীতে বহুতে ট্ৰাম্পৰ আক্ৰমণাত্মক স্থিতি আৰু হঠাৎ পৰিৱৰ্তনক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
মুঠতে দুসপ্তাহৰ এই যুদ্ধবিৰতিৰ ফলত মধ্যপ্ৰাচ্যত সম্ভাৱ্য শান্তিৰ দুৱাৰ মুকলি হৈছে। কিন্তু চূড়ান্ত সমাধান এতিয়াও অনিশ্চিত । পৰৱৰ্তী পৰ্যাযৰ আলোচনা কিমান সফল হ’ব তাৰ ওপৰত সংঘাতৰ ভৱিষ্যত নিৰ্ভৰ কৰিব।












