
নাগপুৰ (Nagpur)ৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)ৰ মুখ্য কাৰ্যালয়ৰ সমীপ (Near the head office)ৰ এটা ঘৰৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ (Explosion recovery) কৰিছে। তাত কিয় ইমানবোৰ বিস্ফোৰক জমা ৰখা হৈছিল সেইটো স্পষ্ট হোৱা নাই। বিস্ফোৰক উদ্ধাৰ হোৱাৰ পিছতে নাগপুৰত হাই এলাৰ্ট জাৰি কৰা হৈছে। বিভিন্ন দিশত নাকা তালাচী চলাই আছে আৰক্ষীয়ে। তালাচী অভিযানো আৰম্ভ হৈছে। জানিব পৰা মতে, আৰ এছ এছৰ মুখ্য কাৰ্যালয়ৰ পৰা মাত্ৰ পাঁচ কিলোমিটাৰ দূৰত্বত থকা এটা ঘৰৰ পৰা বিস্ফোৰক উদ্ধাৰক লৈ আতংক বিয়পি পৰিছে।
ঘৰটোৰ পৰা জিলেটিন ষ্টিক, ৫৮টা ডিটনেটৰ, কেইবাটাও কানেক্টৰ আৰু ১৫টা সতেজ কাৰ্টিজ উদ্ধাৰ কৰা হৈছে। ঘৰৰ মালিকেও বুজিব পৰা নাই ইমানবোৰ বিস্ফোৰক ক’ৰ পৰা আহিল। বিষয়টো প্ৰথমে লক্ষ্য কৰে ঘৰটোৰ মালিক ডাঃ উজ্জ্বল লাঞ্জেৱাৰে। ঘৰৰ সন্মুখৰ বাগিচাখনত তিনিটা বেগ পৰি থকা দেখি সেইবোৰ খোলাত বিস্ফোৰকবোৰ ওলাই পৰে। লগে লগে তেওঁ আৰক্ষীক খবৰ দিয়ে।

খবৰ পোৱাৰ লগে লগে আৰক্ষী, বোমা স্কোৱাড আৰু ফৰেনছিক দল উপস্থিত হয়। ক্ষন্তেকতে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰি ঘৰটোত আৰু বিস্ফোৰক সামগ্ৰী লুকুৱাই ৰখা আছে নেকি তাৰবাবে আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে। আৰ এছ এছৰ মুখ্য কাৰ্যালয়ৰ ওচৰত থকাৰ বাবে অঞ্চলটো স্পৰ্শকাতৰ। নিৰাপত্তাও কটকটীয়া। কিন্তু তাৰ মাজতে ঘৰটোত ইমানবোৰ বিস্ফোৰক কোনে বা কেনেকৈ ৰাখিছিল সেই কথা জানিবলৈ তদন্ত অব্যাহত আছে।
কিছুদিন পূৰ্বে চণ্ডীগড়ৰ বিজেপিৰ এটা কাৰ্যালয়ত গ্ৰেনেড আক্ৰমণ সংঘটিত হৈছিল। অভিযোগ অনুসৰি, একাংশ লোকে দলৰ কাৰ্যালয় চৌহদত গ্ৰেনেড নিক্ষেপ কৰে। যদিও গ্ৰেনেড আক্ৰমণৰ ফলত কাৰ্যালয়টোৰ ক্ষতিসাধন হয়, তথাপিও কোনো লোকৰ মৃত্যু হোৱা নাই। ইফালে সংঘৰ মুখ্য কার্যালয়ৰ সমীপত বিস্ফোৰক উদ্ধাৰ হোৱাৰ পাছত উত্তেজনাৰ সৃষ্টি হয়৷












