
বয়স মাত্ৰ তিনি বছৰ (Three yrs old)। এই বয়সতে এগৰাকী কন্যাশিশু (Girl child)ক দলবদ্ধ ধৰ্ষণ (Gang Rape) কৰা হয়। এই অভিযোগ তেওঁৰ খুড়াক আৰু তেওঁৰ বন্ধুৰ (Uncle and friend) বিৰুদ্ধে। এই নৃশংস ঘটনাত স্তম্ভিত হৈ পৰিছে আৰক্ষী। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই ঘটনা সংঘটিত হৈছে পাটনা (Patna)ত। আৰক্ষীৰ তথ্য অনুসৰি, শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা। শুকুৰবাৰে নিশা শিশুটি শুই আছিল বুলি জানিবলৈ দিয়ে ভুক্তভোগীৰ মাতৃয়ে। হঠাৎ তেওঁৰ খুড়াক আৰু দুই বন্ধুৱে তেওঁক ডাঙি নি ঘৰৰ পৰা ৫০০ মিটাৰ দূৰৈৰ পথাৰ এখনলৈ লৈ যায়। অভিযুক্ত খুড়াকজন সুৰাসক্ত বুলিও কয় শিশুটিৰ মাতৃয়ে। তেওঁ প্ৰতিদিনে মদ্যপান কৰি থাকে। ঘটনাৰ নিশা তেওঁ ভতিজীক সুৰাসক্ত অৱস্থাত ডাঙি নিছিল। তাৰ পিছত পথাৰত তেওঁক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে খুড়াক আৰু তেওঁৰ দুই বন্ধুৰ বিৰুদ্ধে।

ইফালে শিশুটিৰ চিঞৰ শুনি প্ৰথমে দৌৰি আহে স্থানীয় ৰাইজ। কোনোবাই হয়তো শিশু সৰবৰাহ কৰি আছে বুলি সকলোৱে সন্দেহ কৰিছিল। কিন্তু স্থানীয় ৰাইজ আহি পোৱাৰ পূৰ্বেই তিনিওজন অভিযুক্তই পলায়ন কৰে। পিছত পৰিয়ালটোৱে তেওঁক পথাৰৰ পৰা উদ্ধাৰ কৰি পাটনাৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যায়। সম্প্ৰতি তেওঁ তাত চিকিৎসাধীন হৈ আছে।
আৰক্ষীয়ে জনোৱা মতে, দলবদ্ধ ধৰ্ষণৰ অভিযোগ দাখিল কৰাৰ কেইঘণ্টামান পিছতে আৰক্ষীয়ে অভিযুক্ত খুড়াক আৰু তেওঁৰ এজন বন্ধুক গ্ৰেপ্তাৰ কৰে। আন এজন অভিযুক্তক বিচাৰি উলিয়াবলৈ তালাচী অভিযান অব্যাহত আছে। আৰক্ষীয়ে বিএনএছৰ বিভিন্ন ধাৰা আৰু পক্সো (POCSO) ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।










