
বেনাৰসত গংগা নদী (Ganga River)ত সুৰা আৰু মাংস (Alcohol and meat) খাই উদ্দাম নৃত্য (Wild dance) কৰি উদযাপনত ব্যস্ত হৈ পৰিছে এদল লোক। এই ভিডিঅ’টো এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল (Viral on social media) হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে এখন নাওত ৰখা আছে অসংখ্য বিয়েৰৰ কেন। কিছুমানে তাৰ পৰা বিয়েৰ লৈ খাই আছে। বিয়েৰৰ লগত খাবলৈ নাওখনৰ ভিতৰতে আন এঠাইত মাংস ৰান্ধিছে। কাষতে আন এখন নাও। তাত জোৰেৰে সংগীত বাজি আছে। সেই গীতৰ ছন্দত দুখন নাৱত থকা মানুহকেইজনে নাচি আছে। কেতিয়াবা সেই নৃত্যই আনকি শালীনতাৰ স্তৰকো চেৰ পেলাই গৈঠে।
সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰি অনুসৰি, এই ঘটনা পোহৰলৈ অহাৰ পিছতে বেনাৰস আৰক্ষীয়ে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰে। ভিডিঅ’টোত দেখা পোৱা লোকসকলক আটক কৰি ৰখা হৈছে আৰু তদন্ত চলি আছে।

অৱশ্যে ঘটনাটো কি হৈছিল তাৰ সম্পূৰ্ণ সত্যতা এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু এই ভিডিঅ’টোৱে দেশৰ নাগৰিক শৃংখলাৰ লগতে ভাৰতৰ ৰাজহুৱাভাৱে মদ্যপানক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এক্স হেণ্ডেলত পোষ্ট কৰাৰ কিছু সময়ৰ পিছতে ভিডিঅ’টো দ্ৰুতগতিত ভাইৰেল হৈ পৰে। বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে। একাংশ লোকে মন্তব্য কৰিছে, “এই ধৰণৰ ঘটনা সমগ্ৰ দেশতে সংঘটিত হয়স, পাৰ্কত, ৰে’লত, বাছত। ব্যক্তিগত অভিজ্ঞতাৰ পৰা ক’ব পাৰোঁ যে নিশা ১১ বজাৰ পিছত পথত গাড়ী চলোৱাসকলৰ ৩০ শতাংশই মদ্যপান কৰে ।”
আনহাতে, একাংশ লোকে মন্তব্য কৰিছে, “অলপ মজা কৰিলে গংগাৰ পবিত্ৰতা নষ্ট হয় নেকি?” আন এজনৰ মন্তব্য, “সকলো নাৱতে চিচিটিভি লগোৱা উচিত। যিসকলে মাতৃ গংগাৰ পবিত্ৰতা ধ্বংস কৰে তেওঁলোকক কঠোৰ শাস্তি দিয়া উচিত।” আন এজনে অকপটে মন্তব্য কৰে, “এটা অপ্ৰয়োজনীয় কাণ্ডক লৈ আমি অলপ বেছি হুলস্থুল কৰিছো। ধৰা হওক আৰু শাস্তি দিয়া হওক। কথা শেষ ।”












