
বাংলাদেশত থকাৰ সময়ত ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰাৰ অভিযোগ উঠা লস্কৰ-ই-তৈবাৰ (Laskar-i-Taiba) সদস্য শ্বাব্বিৰ আহমেদ ল’ন (Shabbir Ahmed Loan)ক গ্ৰেপ্তাৰ (Arrested)। কেন্দ্ৰীয় এজেন্সীৰ লগতে দিল্লী আৰক্ষীৰ বিশেষ শাখা (Special Branch of Delhi Police)ই তেওঁক গ্ৰেপ্তাৰ কৰে। শ্বাব্বিৰ ওৰফে ৰাজা ওৰফে কাশ্মীৰী আচলতে শ্ৰীনগৰ জিলাৰ কংগানৰ বাসিন্দা। সূত্ৰ অনুসৰি, ল’নৰ বাংলাদেশত এটা শিবিৰ আছিল। লস্কৰৰ ভাৰতবিৰোধী কাম-কাজ তেওঁ তাৰ পৰাই চলাইছিল। তেওঁ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ নিৰ্দেশত সকলো কৰিছিল। অভিযোগ অনুসৰি, বাংলাদেশৰ পৰা লস্কৰত তাত থকা যুৱকক সন্ত্ৰাসবাদী হিচাপে নিযুক্তি দিছিল। ল’নে ভাৰতত অবৈধভাৱে বাস কৰা বাংলাদেশী নাগৰিককো সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিছিল। কিছুদিন পূৰ্বে আৰক্ষী আৰু চোৰাংচোৱা সংস্থাই লস্কৰৰ সৈতে জড়িত এটা গোটৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান চলাইছিল।

দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত এই গোটটো সক্ৰিয় হৈ আছিল। সূত্ৰ অনুসৰি, এই গোটটোৱে দিল্লী আৰু কলকাতাৰ বিভিন্ন অঞ্চলত দেশবিৰোধী পোষ্টাৰ লগাইছিল। সেই গোটৰ পৰা পোৱা তথ্যৰ ভিত্তিত ল’নক গ্ৰেপ্তাৰ কৰা হয়। চোৰাংচোৱা সূত্ৰৰ পৰা জানিব পৰা মতে, লস্কৰৰ সৈতে ল’ন জড়িত হৈ আছে দুটা দশকৰো অধিক সময়। মুজাফ্ফৰাবাদৰ সন্ত্ৰাসবাদী শিবিৰতো তেওঁক প্ৰশিক্ষণ দিয়া বুলি জানিব পৰা গৈছে। তেওঁ ‘দৌৰা-এ-আম’ (প্ৰাথমিক) আৰু ‘দৌৰা-এ-খাছ’ (উচ্চ পৰ্যায়ৰ) দুয়োটা প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। ২০০৭ চনত প্ৰথমবাৰৰ বাবে অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰা হৈছিল ল’ন। তেওঁৰ হাতত আছিল এ কে ৪৭ৰ দৰে অস্ত্ৰও।
বিষয়াসকলে জনোৱা মতে, লস্কৰৰ কমাণ্ডাৰ জাকি-উৰ-ৰেহমান লখৱী, জামাত-উদ-দাৱা আৰু ২৬ নৱেম্বৰৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছাইদৰ সৈতে তেওঁৰ সম্পৰ্ক আছে। ২০১৮ চনলৈকে তিহাৰ কাৰাগাৰত আছিল ল’ন। তাৰ পিছত জামিনত মুকলি কৰি দিয়া হয়। চোৰাংচোৱা সূত্ৰই জনোৱা মতে, তাৰ পিছত তেওঁ বাংলাদেশলৈ যায়। তাতে তেওঁ লস্কৰৰ নেটৱৰ্ক গঢ়ি তুলিছিল। তেওঁ নিজৰ সদস্যৰ সৈতে ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰিবলৈ আৰম্ভ কৰে। পাকিস্তানৰ হেণ্ডলাৰৰ সৈতেও তেওঁ যোগাযোগ ৰাখিছিল। এতিয়া আৰক্ষীয়ে তেওঁক জেৰা কৰি আছে। খবৰ অনুসৰি, তেওঁলোকে ভাৰতৰ ক’ত আক্ৰমণৰ পৰিকল্পনা কৰিছিল আৰু তেওঁলোকৰ লগত কোন আছিল সেই কথা জানিবলৈ চেষ্টা কৰি আছে।










