
ধৰ্মীয় শিক্ষাৰ নামত ব্ৰেইনৱাছিং চলাই থকাৰ লগতে পূৰ্বতে মিছা নামেৰে কেইবাটাও ধৰ্মীয় অনুষ্ঠানৰ পৰা গোপনে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাইছিল। লগতে অভিযোগ উত্থাপন হৈছে যে দেশত এক বৃহৎ আক্ৰমণৰো পৰিকল্পনা কৰা হৈছিল। কিন্তু তাৰ পূৰ্বে গুজৰাট আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী দলে অভিযান চলাই গুজৰাট আৰু মধ্যপ্ৰদেশৰ (Gujarat and Madhya Pradesh) পৰা জৈছ সন্ত্ৰাসবাদী (jesh terrorist) সংগঠনটোৰ ‘শ্লিপাৰ’ চেল (‘Slipper’ cell)ৰ আঠজন অতি সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ (Eight active members arrested) কৰে।

এটিএছৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে গুজৰাটৰ বানাস্কান্ত, পাতন, নৱছাৰী আৰু মধ্যপ্ৰদেশৰ দেৱাছৰ পৰা জৈছৰ আঠজন সদস্যক গ্ৰেপ্তাৰ কৰা হয়। এটিএছৰ দাবী যে এই শ্লিপাৰ চেলৰ সদস্যসকলে ৰাজ্য দুখনৰ কেইবাখনো ধৰ্মীয় শিক্ষানুষ্ঠানৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাইছিল। কেৱল সেয়াই নহয়, ধৰ্মীয় শিক্ষাৰ নামত ব্ৰেইনৱাছিং চলি থকা বুলিও তদন্তকাৰীয়ে দাবী কৰে। ধৃত জৈছ সন্ত্ৰাসবাদীকেইজনৰ বয়স ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত।
এটিএছৰ সূত্ৰ অনুসৰি, এই শ্লিপাৰ চেলে গুজৰাটত সন্ত্ৰাসৰ নেটৱৰ্ক বিয়পাই দিছিল। ইয়াৰ পৰাই দেশৰ ডাঙৰ ডাঙৰ চহৰবোৰত আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল। এই শ্লিপাৰ চেল নেটৱৰ্ক গুজৰাটত ক’ত অৱস্থিত সেই বিষয়ে জানিবলৈ সমগ্ৰ ৰাজ্যজুৰি অনুসন্ধান অভিযান চলোৱা হৈছে। তদন্তকাৰীয়ে জনোৱা মতে, গ্ৰেপ্তাৰ কৰা আটাইকেইজনেই নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদৰ সদস্য। আটক কৰাকেইজন হ’ল আহমেদ আব্দুল্লা, আবু হামজা, আবু আয়া, জাকাৰিয়া দুৰানী, মুফতি চাহাব, মহম্মদ আমিন শ্বেৰা, আব্দুল ৰহমান ছাউদি আৰু আবু দুজানা।












