আগন্তুক অসম, কেৰালা, পশ্চিমবংগ, তামিলনাডু আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনত (Assembly Election) বিনামূলীয়া সম্প্ৰচাৰ কৰিব পাৰিব ৰাজনৈতিক দলসমূহে । ইয়াৰ বাবে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহক ডিজিটেল ভাউচাৰ প্ৰদানৰ কথা জনাইছে ভাৰতীয় নিৰ্বাচন আয়োগে।

সোমবাৰে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি, জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ৩৯এ ধাৰাৰ অধীনত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে দূৰদৰ্শন আৰু ৰেডিঅ’ত ৰাষ্ট্ৰীয় তথা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ কাৰ্য সম্প্ৰচাৰৰ বাবে সময় নিৰ্ধাৰণৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে।
সেই অনুসৰি সকলো স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় তথা আঞ্চলিক ৰাজনৈতিক দলক আই টি প্লেটফৰ্মৰ জৰিয়তে ডিজিটেল টাইম ভাউচাৰ প্ৰদান কৰা হৈছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি, প্ৰতিটো পৰ্যায়ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ তাৰিখৰ পৰা ভোটগ্ৰহণৰ দুদিন আগলৈকে সম্প্ৰচাৰৰ সময় দিয়া হ’ব।
ৰাজনৈতিক দলসমূহৰ কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধি আৰু নিৰ্বাচনী বিষয়াসকলৰ উপস্থিতিত লটাৰীৰ জৰিয়তে সময় নিৰ্ধাৰণ কৰা হ’ব। ইয়াৰ অধীনত দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ’ক ৪৫ মিনিটৰসময় দিয়া হৈছে।












