
১১ মাৰ্চত উচ্চতম ন্যায়ালয়ে হৰিশ ৰাণাৰ ক্ষেত্ৰত দেশৰ ভিতৰত প্ৰথমটো ইউথেনাচিয়া বা ইচ্ছামৃত্যুত অনুমোদন জনায়। হৰিশৰ ইউথেনাচিয়া পাবলৈ যোৱা ১৩ বছৰ ধৰি তেওঁৰ পৰিয়ালে আইনী যুঁজ দি আহিছে। কিন্তু মুম্বাইৰ দীক্ষিত পৰিয়ালে সেই পথ অনুসৰণ কৰা নাই। যোৱা আঢ়ৈ বছৰ ধৰি ক’মাত (coma for two and a half years) আছে আনন্দ দীক্ষিত (Anand Dikshit) নামৰ ৩৫ বছৰীয়া যুৱকজন। শয্যাশায়ী তেওঁ। হৰিশৰ দৰে তেওঁৰো পাৰচিচটেন্স ডেজিটেটিভ ষ্টেট (PVS) বা স্থায়ী অচেতন অৱস্থা।
২০২৩ চনত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল আনন্দ। তেওঁ নিজৰ প্ৰিয় বাইকখন চলাই ওলাই গৈছিল। ইয়াৰ পিছত তেওঁ এক দুৰ্ঘটনাৰ সন্মুখীন হয়। তেতিয়াৰে পৰাই মুম্বাই (Mumbai)ৰ এই যুৱকজন বিছনাতে পৰি আছে। তেওঁৰ উশাহ-নিশাহ চলি থাকিবলৈ এটা কৃত্ৰিম যন্ত্ৰৰ ব্যৱস্থা কৰা হৈছে। নলীৰ জৰিয়তে তেওঁৰ শৰীৰত পুষ্টিৰ প্ৰৱেশ ঘটিছে। আনন্দ যাতে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে তাৰ বাবে পিতৃ-মাতৃয়ে চেষ্টা কৰি আহিছে বুলি দীক্ষিত পৰিয়ালে জানিবলৈ দিয়ে। চকু মেলি চাইছেনে নাই, হাত বা ভৰিৰ আঙুলি লৰচৰ কৰিছেনে নাই, গোটেই দিনটো সেই মুহূৰ্তটোৰ বাবে অপেক্ষা কৰি থাকে। কিন্তু আঢ়ৈ বছৰৰ পাছতো আনন্দৰ অৱস্থাৰ উন্নতি হোৱা নাই। সম্ভৱপৰ সকলো প্ৰকাৰে আনন্দক চিকিৎসা কৰি আছে।

ইতিমধ্যে ৪ কোটি টকা চিকিৎসাৰ বাবে ব্যয় কৰা হৈছে। দীক্ষিত পৰিয়ালৰ মূৰৰ ওপৰত এতিয়া চালি নাই। তেওঁলোকে নিজৰ সন্তানক বচাবলৈ দিনে-নিশাই দৌৰি ফুৰি থাকোঁতে বৃহনমুম্বাই পৌৰ নিগমৰ লোক আহি তেওঁলোকৰ ঘৰ ভাঙি পেলায়। বহুদিন ধৰি ঠাইখনক লৈ বিবাদ চলি আছিল বুলি কোৱা হয়। ফলত দীক্ষিত পৰিয়ালটো ভাড়াঘৰত থাকিবলৈ বাধ্য হয়।
আনন্দৰ মাতৃয়ে পুত্ৰৰ ঘড়ী আৰু ফোনটো সযতনে ৰাখিছে। এই আশাত যে এদিন কিবা এটা চমৎকাৰ হ’ব । দীক্ষিত দম্পতীয়ে প্ৰতি মুহূৰ্ততে এই আশাক জীয়াই ৰাখিছে যে পুত্ৰই সাৰ পাই তেওঁলোকক পুনৰ ‘মা’ আৰু ‘দেউতা’ বুলি মাতিব। তেওঁলোকে হাৰ মানিবলৈ ইচ্ছুক নহয়।











