
ইজৰাইল (Israel) আৰু আমেৰিকা (America)ৰ সৈতে ইৰাণৰ যুদ্ধ (Iran war) ক্ৰমান্বয়ে সম্প্ৰসাৰিত হৈছে। এইবাৰ ইৰাণৰ সমৰ্থিত সশস্ত্ৰ সংগঠন হিজবুল্লাৰ প্ৰতিশোধৰ স্বাৰ্থত ইজৰাইলে লেবাননৰ ৰাজধানী বেইৰুটত আক্ৰমণ (Israel in Beirut attack) কৰে। আল জাজিৰাৰ তথ্য অনুসৰি, সোমবাৰে পুৱা ইজৰাইলে বেইৰুটত বোমা নিক্ষেপ কৰে। একাধিক ভিডিঅ’ ফুটেজত দেখা গৈছে যে বতাহত ক’লা ধোঁৱাৰ ঢৌ উঠিছে।
দেওবাৰে গভীৰ নিশা ইজৰাইলক লক্ষ্য কৰি হিজবুল্লাই ধাৰাবাহিকভাৱে ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। সোমবাৰে পুৱাৰে পৰা বেঞ্জামিন নেতানিয়াহুৰ বাহিনীয়েও প্ৰতিশোধ ল’বলৈ আৰম্ভ কৰে। ইয়াৰ পূৰ্বে ইজৰাইলৰ সেনাই স্থানীয় লোকসকলক হিজবুল্লাৰ ক্ষতিগ্ৰস্ত দক্ষিণ লেবাননৰ ৫৩ খন গাঁও খালী কৰিবলৈ পৰামৰ্শ দিছিল। ইয়াৰ পিছত ইজৰাইলী সেনাই তিনিখন গাঁৱত বিমান আক্ৰমণ চলায়।

লেবাননৰ চৰকাৰী সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি, ইজৰাইল-হিজবুল্লা সংঘাত আৰম্ভ হোৱাৰ পিছত দেশখনৰ দক্ষিণ প্ৰান্তৰ পৰা বহু লোক বেইৰুটৰ দিশে আগবাঢ়িছে। এই পৰিস্থিতিত বেইৰুটৰ ওপৰত ইজৰাইলৰ আক্ৰমণৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছে বুলি ধাৰণা কৰা হৈছে। এতিয়ালৈকে তাৰ পৰা কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।
ইজৰাইলৰ সেনাই বেইৰুটত কৰা আক্ৰমণত হিজবুল্লাৰ কেইবাজনো শীৰ্ষ নেতা নিহত হোৱা বুলি দাবী কৰিছে। গুলীচালনা অব্যাহত আছে। ইয়াৰ পূৰ্বেও ইজৰাইল আৰু লেবাননৰ হিজবুল্লা গোট যুদ্ধত লিপ্ত হৈছিল। ২০২৪ চনৰ নৱেম্বৰ মাহত আমেৰিকাৰ হস্তক্ষেপত তেওঁলোকৰ মাজত শান্তি চুক্তি হয়। খামেইনীৰ মৃত্যুৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে এই চুক্তি উলংঘা কৰা হৈছে। অৱশ্যে লেবানন চৰকাৰে হিজবুল্লাৰ কাৰ্যকলাপক সহ্য নকৰে। লেবাননৰ প্ৰধানমন্ত্ৰী নৱাফ চালামে ইজৰাইলৰ ওপৰত হিজবুল্লাৰ আক্ৰমণক ‘দায়িত্বজ্ঞানহীন আৰু সন্দেহজনক’ বুলি অভিহিত কৰে। তেওঁ দাবী কৰে যে ইয়াৰ ফলত দেশখনৰ নিৰাপত্তা বিপন্ন হৈছে আৰু ইজৰাইলক আগ্ৰাসন অব্যাহত ৰখাৰ সুযোগ আৰু অজুহাত দিয়া হৈছে। ইজৰাইলৰ সেনায়ো লেবানন আক্ৰমণৰ বাবে হিজবুল্লাৰ কাৰ্যক জগৰীয়া কৰিছে।










