
এতিয়াও অব্যাহত আছে গৌৰৱ গগৈ (Gaurav Gogoi)ৰ পাকিস্তান সংযোগ বিতৰ্ক (Pakistan debate)। ইতিমধ্যে অসম চৰকাৰৰ বিশেষ তদন্তকাৰী দলে গৌৰৱ গগৈৰ পাক লিংক সম্পৰ্কীয় প্ৰতিবেদন ৰাজহুৱা কৰিছে। ইয়াৰ পিছত গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি শাসকীয় বিজেপি দলৰ প্ৰতিগৰাকী নেতা-কৰ্মীয়ে। কিন্তু তাৰ মাজতে গৌৰৱ গগৈক সংসদীয় দল (Parliamentary party)ৰ এক বিশেষ দায়িত্ব প্ৰদান (Special responsibility assigned) কৰা হৈছে। বৈদেশিক বিষয়ৰ এক প্ৰতিনিধি দলৰ দায়িত্ব অৰ্পণ কৰা হৈছে গৌৰৱ গগৈক। খোদ লোকসভাৰ অধ্যক্ষই গৌৰৱ গগৈক এই দায়িত্বত নিযুক্ত কৰিছে। ফলত পাক লিংক বিতৰ্কৰ মাজতে গৌৰৱ গগৈক প্ৰদান কৰা গুৰুত্বপূৰ্ণ বৈদেশিক দায়িত্বই এক নতুন মাত্ৰা যোগ দিছে।

উল্লেখযোগ্য যে বিশ্বৰ বিভিন্ন দেশৰ সৈতে কূটনৈতিক তথা বন্ধুত্বপূৰ্ণ সম্পৰ্ক সুদৃঢ় কৰিবৰ বাবে ১৮ সংখ্যক লোকসভাৰ সাংসদসকলক লৈ লোকসভাৰ অধ্যক্ষই কেইবাটাও দল গঠন কৰি দিছে। তাৰে মাজৰ এটা দলৰ নেতৃত্ব প্ৰদান কৰা হৈছে গৌৰৱ গগৈক।
India -Philippines Parliamentary Friendship Group ৰ অধ্যক্ষ হিচাপে সাংসদ তথা লোকসভাত বিৰোধী উপ-দলপতি গৌৰৱ গগৈক মনোনীত কৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। সেই অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ভাৰত-ফিলিপাইনচৰ মৈত্ৰীৰ বাবে গঠিত দলটোৰ নেতৃত্ব প্ৰদান কৰিব।











