
এইবাৰ শিশুৰ বাবে সামাজিক মাধ্যম (Social Media) নিষিদ্ধ (Ban) কৰাৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ পথ অনুসৰণ কৰিব নেকি ভাৰতে? পোনপটীয়াকৈ নক’লেও কেন্দ্ৰীয় তথ্য প্ৰযুক্তি আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ইয়াৰ ইংগিত দিলে। তেওঁ কয় যে বয়সভিত্তিক নিষেধাজ্ঞা সন্দৰ্ভত ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ সৈতে আলোচনা চলি আছে। একে সময়তে আলোচনাৰ কেন্দ্ৰবিন্দু হৈ আছে ডিপফেকো। ভৱিষ্যতৰ আন্তঃগাঁথনিৰ সিদ্ধান্ত গ্ৰহণৰ বাবেই এই আলোচনাসমূহ অনুষ্ঠিত কৰিছে চৰকাৰে।
ছ’চিয়েল মিডিয়াৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা শিশুক ৰক্ষা কৰাৰ লগতে ব্যৱহাৰকাৰীক ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ অধিক শক্তিশালী নীতি-নিয়ম প্ৰণয়ন কৰিব লাগিব। অশ্বিনীয়ে জোৰ দি কয় যে যিকোনো সংস্থা, সেয়া নেটফ্লিক্স, ইউটিউব, মেটা বা এক্সেই নহওক কিয়, ভাৰতৰ আইনী আন্তঃগাঁথনি আৰু সংবিধান মানি চলিব লাগিব। তেওঁৰ মতে, ডিপফেকৰ সমস্যা দিনক দিনে বাঢ়িছে। ইয়াৰ সৈতে দৃঢ়তাৰে মোকাবিলা কৰাটো প্ৰয়োজন। অশ্বিনীয়ে কয়, “বয়সভিত্তিক নিষেধাজ্ঞা আৰু ডিপফেকসমূহৰ সমাধানৰ বাবে আমি ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ সৈতে আলোচনা কৰি আছোঁ, যাতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়।”

কেন্দ্ৰীয় তথ্য প্ৰযুক্তি আৰু সম্প্ৰচাৰ মন্ত্ৰীগৰাকীৰ মতে, ডিপফেকৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণৰ প্ৰয়োজন। তেওঁ কয়, “মই ভাবোঁ আমাক ডিপফেকত অধিক শক্তিশালী নিয়ন্ত্ৰণৰ প্ৰয়োজন। এয়া এটা ক্ৰমবৰ্ধমান সমস্যা। অৱশ্যে এই ক্ষতিৰ পৰা শিশু আৰু আমাৰ সমাজখনক ৰক্ষা কৰাৰ প্ৰয়োজন আছে। আমি চিন্তা কৰি আছোঁ যে এতিয়ালৈকে যি নিয়ন্ত্ৰণ আছে তাৰ বাহিৰে আৰু কি পদক্ষেপ ল’ব পাৰি।” সংসদীয় সমিতিয়েও এই বিষয়টো গভীৰভাৱে পৰ্যালোচনা কৰি আছে। অশ্বিনীয়ে কয় যে এই সন্দৰ্ভত সকলো সংসদ সদস্যই একমতত উপনীত হ’ব লাগিব। তেওঁ কয় যে বিশ্বৰ বহু দেশে ছ’চিয়েল মিডিয়াত শিশুৰ বাবে বাধা আৰোপ কৰাৰ প্ৰয়োজনীয়তা মানি লৈছে।
যোৱা বছৰৰ ডিচেম্বৰ মাহত অষ্ট্ৰেলিয়াই ১৬ বছৰৰ তলৰ লোকৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। ফেচবুক, টিকটক, ইউটিউব, এক্স, স্নেপচ্যাট, ইনষ্টাগ্ৰামকে ধৰি ১০টা জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই নিয়ম প্ৰয়োগ কৰা হয়। ইতিমধ্যে ১৬ বছৰৰ তলৰ লোকৰ ১০ লাখৰো অধিক একাউণ্ট চিনাক্ত কৰি সংশ্লিষ্ট সংস্থাই ব্লক কৰিছে। কেৱল অষ্ট্ৰেলিয়াই নহয়, ফ্ৰান্সকে ধৰি কিছুমান দেশেও একে পথতেই আগবাঢ়িছে।











