
লাডাখৰ পৰিৱেশ কৰ্মী (Environmental worker of Ladakh) সোণম ৱাংচুক (Sonam Wangchuk)ক মুকলি কৰি দিয়াটো সম্ভৱ নহয় (Not possible to release)। এই কথা উচ্চতম ন্যায়ালয় (Suprem Court)ক জনাইছে কেন্দ্ৰীয় চৰকাৰে (Central Govt.)। সোমবাৰে শীৰ্ষ আদালতৰ প্ৰশ্নৰ উত্তৰত বুধবাৰে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে যোৱা বছৰ কেন্দ্ৰীয়শাসিত অঞ্চল লাডাখৰ ৰাজধানী লেহত হিংসাত্মক প্ৰতিবাদত জড়িত হোৱাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ৱাংচুকক গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰতিবাদত চাৰিজন লোক নিহত হোৱাৰ লগতে ১৫০ৰো অধিক লোক আহত হয়। এনে পৰিস্থিতিত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কাৰণে ৱাংচুকক মুকলি কৰি দিব নোৱাৰি বুলি উল্লেখ কৰে।
সোমবাৰে দেশৰ শীৰ্ষ আদালতে কেন্দ্ৰীয় চৰকাৰক জনাবলৈ দিয়ে যে ৱাংচুক এতিয়াও কিয় ডিটেনচনত আছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু ন্যায়াধীশ পি বিভাৰালৰ বিচাৰপীঠেও সোণমক তেওঁৰ শাৰীৰিক অৱস্থা বিবেচনা কৰি মুকলি কৰি দিয়াৰ কথা চিন্তা কৰিবলৈ কেন্দ্ৰক কয়। কিন্তু তুষাৰ মেহতাই কাৰ্যকৰীভাৱে সেই সম্ভাৱনা নুই কৰি কয়, “কাৰাগাৰৰ হাতপুথি অনুসৰি তেওঁৰ (ৱাংচুক) একেৰাহে প্ৰায় ২৪ বাৰ পৰীক্ষা কৰা হৈছে। তেওঁ এতিয়া সম্পূৰ্ণ সুস্থ।

তেওঁৰ পাচনতন্ত্ৰৰ সমস্যা আছিল, তেওঁৰ সংক্ৰমণ হৈছিল। কিন্তু এতিয়া নাই । জয়পুৰৰ এইমছত চিকিৎসা কৰা হৈছে । সেই চিকিৎসালয়খনৰ পৰিসেৱা লাডাখৰ যিকোনো চিকিৎসালয়তকৈ ভাল।
যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়ে ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংমোৱে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰক প্ৰশ্ন কৰিছিল যে পৰিৱেশবিদজনক এতিয়াও কিয় আটক কৰি ৰখা হৈছে। সেই সময়ত সোণমৰ অধিবক্তাই দাবী কৰিছিল যে সোণম যথেষ্ট অসুস্থ আৰু কেন্দ্ৰৰ তত্ত্বাৱধানত তেওঁৰ চিকিৎসাৰ কোনো উন্নতি হোৱা নাই। দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা আৰু অতিৰিক্ত ছলিচিটৰ কে এম নটৰাজক সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা উত্তৰ লৈ আহি আদালতত দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু সোমবাৰে শুনানিৰ সময়ত অনুপস্থিত আছিল নটৰাজ। কেন্দ্ৰৰ হৈ আন এজন অধিবক্তাই কয় যে নটৰাজ এতিয়া আন এটা গোচৰত ব্যস্ত, গতিকে ৱাংচুক গোচৰৰ শুনানি আৰু এসপ্তাহৰ বাবে পিছুৱাই দিব লাগে। উচ্চতম ন্যায়ালয়ত কেন্দ্ৰ এইৰ আবেদন। বিচাৰপীঠে কয় যে গোচৰৰ শুনানি বাৰে বাৰে পিছুৱাই দিব নোৱাৰিব। এনে পৰিস্থিতিত বুধবাৰে গোচৰৰ শুনানিত কেন্দ্ৰৰ হৈ স্বয়ং ছলিচিটৰ জেনেৰেল তুষাৰে যুক্তি আগবঢ়ায়। উল্লেখ্য যে যোৱা বছৰৰ ২৬ ছেপ্টেম্বৰত লাডাখত ‘অশান্তিত সহায় কৰা’ৰ অপৰাধত ৱাংচুকক আটক কৰা হৈছিল।












