
নিৰ্বাচন চমু চাপি অহাৰ লগে লগে উচ্চতম ন্যায়ালয়ত নিৰ্বাচনৰ বাবে যুঁজ চলি আছে। সেইটোৱেই সমস্যা। এই মন্তব্য মঙলবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ। এইবাৰ দেশৰ চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলত বিধানসভা নিৰ্বাচন। অসমতো নিৰ্বাচন (Elections in Assam) অনুষ্ঠিত হ’ব। কিন্তু তাৰ মাজতে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ভিডিঅ’ই বিতৰ্ক (Video controversy)ৰ সৃষ্টি কৰিছে। বিষয়টো গৈ উচ্চতম ন্যায়ালয়তো (Suprem Court) উপনীত হৈছে। উক্ত গোচৰৰ সৈতে জড়িত বিষয়ত এই মন্তব্য মুখ্য ন্যায়াধীশৰ। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়া (Social Media)ত ভাইৰেল হৈছিল। অসম বিজেপিৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা পোষ্ট কৰা ভিডিঅ’টোৰ পৰাই বিতৰ্ক আৰম্ভ হয়। যদিও বিতৰ্ক আৰম্ভ হোৱাৰ পিছতেই বিজেপিয়ে ছ’চিয়েল মিডিয়াৰ পৰা ভিডিঅ’টো ডিলিট কৰি পেলায়, কিন্তু বিতৰ্কই লগ এৰা নাই। ইতিমধ্যে ইয়াৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু (Case filed) কৰা হৈছে। জনস্বাৰ্থৰ গোচৰো ৰুজু কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে কেইবাজনো বাওঁপন্থী নেতাই।

মঙলবাৰে বাওঁপন্থী নেতাৰ হৈ আদালতৰ দৃষ্টি আকৰ্ষণ কৰে অধিবক্তা নিজাম পাছাই। অসমৰ মুখ্যমন্ত্ৰীৰ ভিডিঅ’ কেলেংকাৰীত শীঘ্ৰে হস্তক্ষেপ কৰিবলৈ উচ্চতম ন্যায়ালয়ক অনুৰোধ জনায়। এই ঘটনাত কোনো এফ আই আৰ দাখিল কৰা হোৱা নাই বুলিও আদালতত দাবী উত্থাপন কৰে অধিবক্তাগৰাকীয়ে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে চি পি আই আৰু চি পি এমৰ নেতাই দাখিল কৰা গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছে। একে সময়তে মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “সমস্যাটো হ’ল নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে সেই নিৰ্বাচনসমূহৰ কিছুমানৰ ওপৰত উচ্চতম ন্যায়ালয়তো প্ৰতিদ্বন্দ্বিতা কৰা হয়। সেইটোৱেই সমস্যা। আমি বিষয়টো চাই (শুনানিৰ) তাৰিখ ঘোষণা কৰিম।”













