
প্ৰাক্তন সেনাপ্ৰধান মনোজ নাৰৱানেৰ (Naravane Book Controversy) অপ্ৰকাশিত গ্ৰন্থক লৈ বিতৰ্কৰ মাজতে প্ৰকাশন প্ৰতিষ্ঠানটোৱেও এইবাৰ মুখ খুলিছে। তেওঁলোকে কয় যে প্ৰাক্তন সেনাধ্যক্ষৰ স্মৃতিগ্ৰন্থ ‘ফ’ৰ ষ্টাৰ্ছ অব ডেষ্টিনি’ প্ৰকাশ কৰাৰ একমাত্ৰ অধিকাৰ তেওঁলোকৰ আছে। আৰু এই গ্ৰন্থখন তেওঁলোকৰ দ্বাৰা প্ৰকাশ পোৱা নাই। ছপা ৰূপত আৰু ডিজিটেল ৰূপতো পোৱা নাই।

প্ৰাক্তন সেনাধ্যক্ষৰ এই গ্ৰন্থখনৰ বিতৰ্কত সোমবাৰে আৰক্ষীয়ে এফ আই আৰ দাখিল কৰিছে। উল্লেখ্য যে আৰক্ষীৰ এফ আই আৰ ৰাজহুৱা হোৱাৰ কেইমিনিটমানৰ ভিতৰতে প্ৰকাশন প্ৰতিষ্ঠানটোৱে নিজৰ স্থিতি স্পষ্ট কৰে । ছ’চিয়েল মিডিয়াত এক বিবৃতিত তেওঁলোকে লগতে কয় যে কিতাপখনৰ কোনো প্ৰতিলিপি অনলাইন বা ছপা মাধ্যমত প্ৰকাশ, বিক্ৰী বা বিতৰণ কৰা হোৱা নাই। তেওঁলোকে উল্লেখ কৰিছে যে এই গ্ৰন্থখন এতিয়াও সাধাৰণ পাঠকৰ বাবে মুকলি কৰা হোৱা নাই।
বিবৃতিটোত প্ৰকাশন গোষ্ঠীটোৱে লগতে কয় যে বৰ্তমান যদি কিতাপখনৰ কোনো কপি আংশিকভাৱে বা সামগ্ৰিকভাৱে ছপা, ডিজিটেল, পিডিএফ বা আন কোনো ধৰণে বিতৰণ কৰা হয় তেন্তে ইয়াক কোম্পানীটোৰ কপিৰাইট উলংঘা কৰা বুলি গণ্য কৰা হ’ব। গ্ৰন্থখন অবৈধ আৰু অকৰ্তৃত্বশীলভাৱে বিতৰণৰ ক্ষেত্ৰত প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও প্ৰকাশন গোষ্ঠীটোৱে প্ৰকাশ কৰে।
প্ৰাক্তন সেনাপ্ৰধান নাৰৱানেৰ এই অপ্ৰকাশিত গ্ৰন্থখনক লৈ বিতৰ্ক আৰম্ভ হৈছিল সংসদৰ বাজেট অধিৱেশনৰ পৰা।
লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে এখন আলোচনীত অপ্ৰকাশিত গ্ৰন্থখনৰ বিষয়ে লিখা এটা লেখাৰ বিষয়ে ক’বলৈ গৈছিল। কিন্তু সেই সময়ত তেওঁক ৰখাই দিয়া হৈছিল। তেতিয়াৰ পৰাই গ্ৰন্থখনক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। ইফালে সোমবাৰে দিল্লী আৰক্ষীয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে যোগ্য কৰ্তৃপক্ষৰ অনুমতি অবিহনে অপ্ৰকাশিত গ্ৰন্থ ‘ফ’ৰ ষ্টাৰ্ছ অব ডেষ্টিনি’ৰ প্ৰচাৰ চলোৱা হৈছে।
আৰক্ষীয়ে জনোৱা মতে, একে শিৰোনামৰ গ্ৰন্থখনৰ পিডিএফ কপি কিছুমান ৱেবছাইটত উপলব্ধ হৈছে। কিতাপখনৰ ক’ভাৰৰ লগতে কিছুমান অনলাইন শ্বপিং ছাইটত এনেদৰে প্ৰদৰ্শিত হৈছে যে বহুতে কিতাপখন বজাৰত মুকলি কৰা বুলি ভাবিছে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে।









