
মহাৰাষ্ট্ৰৰ জ্যেষ্ঠ ৰাজনীতিবিদ তথা নেচনেলিষ্ট কংগ্ৰেছ দলৰ মুৰব্বী শাৰদ পাৱাৰ (Sharrad Pawar)ক চিকিৎসালয়ত ভৰ্তি (Admitted to the hospital) কৰোৱা হৈছে। খবৰ অনুসৰি তেওঁৰ ডিঙিৰ সংক্ৰমণ ধৰা পৰিছে। শাৰদ পাৱাৰৰ ভতিজাক শ্ৰীনিবাস পাৱাৰে কয় যে দেওবাৰে নিশাৰ পৰা তেওঁৰ কাহ হৈছে। বুকুত চাপ আৰু বিষ অনুভৱ কৰি আছিল। সেয়েহে সোমবাৰে তেওঁক চিকিৎসালয়লৈ নিয়াৰ সিদ্ধান্ত লোৱা হয়।
শাৰদ পাৱাৰক বাৰামতীৰ ঘৰৰ পৰা পুনেৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকৰ এটা দলে তেওঁক চোৱা-চিতা কৰি আছে। চিকিৎসালয়খনৰ হৃদৰোগ বিভাগৰ মুৰব্বী পাৰভেজ গ্ৰাণ্টে এই তথ্য নিশ্চিত কৰিছে। পৰিস্থিতি অনুযায়ী সিদ্ধান্ত লোৱা হ’ব বুলিও তেওঁ কয়। আগন্তুক কেইঘণ্টামানৰ ভিতৰত শাৰদ পাৱাৰৰ কিছু শাৰীৰিক পৰীক্ষা সম্পন্ন কৰা হ’ব। বয়সৰ কথা মনত ৰাখি প্ৰয়োজনীয় বুলি বিবেচিত হ’লেহে তেওঁক ভৰ্তি কৰা হ’ব।

নব্বৈৰ দশকত শাৰদ পাৱাৰৰ কৰ্কট ৰোগ ধৰা পৰিছিল। তেওঁৰ মুখত কৰ্কট ৰোগ ধৰা পৰে। আমেৰিকা আৰু ভাৰতত একাধিক অস্ত্ৰোপচাৰ কৰি সুস্থ হৈ উঠিছে। ৮৫ বছৰীয়া এইগৰাকী নেতাৰ স্বাস্থ্যক লৈ চিন্তিত মহাৰাষ্ট্ৰৰ এন চি পি সমৰ্থকসকল। নেতাগৰাকীৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছে।
কিছুদিন পূৰ্বে বাৰামতীত বিমান দুৰ্ঘটনাত শাৰদ পাৱাৰৰ ভতিজাক তথা মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু হয়। অজিত পাৱাৰৰ মৃত্যুত শাৰদ পাৱাৰ বিধ্বস্ত হৈ পৰে। মৃত্যুৰ সৈতে ৰাজনীতি নকৰিবলৈও বাৰ্তা প্ৰদান কৰে। জিলা পৰিষদৰ নিৰ্বাচনৰ ফলাফল এতিয়া পুনেত ঘোষণা কৰা হৈছে। এই নিৰ্বাচনত এন চি পিৰ দুয়োটা দলেই একেলগে প্ৰতিদ্বন্দ্বিতা কৰিছে। নিৰ্বাচনৰ ফলাফলত ব্যস্ত দলৰ কৰ্মী আৰু সমৰ্থকসকল। ইফালে তাৰ মাজতে শাৰদ পাৱাৰৰ স্বাস্থ্যৰ খবৰে উদ্বেগ বৃদ্ধি কৰিছে।










