
শ্ৰেণীকোঠাত (Class room) এজন সহপাঠীয়ে গুলীয়াই হত্যা (Classmate shot and killed) কৰে এগৰাকী ছাত্ৰীক। ইয়াৰ পিছতে তেওঁ একেটা পিষ্টলেৰে নিজকে গুলীয়াই। থিতাতে মৃত্যু হয় ছাত্ৰীগৰাকীৰ। আনহাতে, সংকটজনক অৱস্থাত হত্যাকাৰী ছাত্ৰজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সোমবাৰে পুৱা পঞ্জাব (Punjab)ৰ তাৰণ তাৰণ জিলাৰ এখন আইন মহাবিদ্যালয় (Law College)ত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি, মৃতকৰ নাম সন্দীপ কৌৰ। অভিযুক্তৰ নাম প্ৰিন্স ৰাজ। জলন্ধৰৰ বাসিন্দা যুৱকজন আইন মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ। মহাবিদ্যালয়খনৰ চিচিটিভি ফুটেজত দেখা গৈছে যে সোমবাৰে পুৱা ৯.১৫ বজাত তেওঁ শ্ৰেণীকোঠাত প্ৰৱেশ কৰি সন্দীপৰ কাষেৰে পাৰ হৈ যায়। ছাত্ৰীগৰাকীয়ে তেওঁক কিবা এটা মন্তব্য কৰে। অৱশ্যে প্ৰিন্সে কোনো সঁহাৰি নিদিলে। চিচিটিভিৰ পৰাই এই অনুমান কৰা হৈছে। তেওঁ শ্ৰেণীকোঠাৰ পৰা ওলাই আহে। সন্দীপ নামৰ ছাত্ৰীগৰাকীও শ্ৰেণীকোঠাৰ পৰা ওলাই আহে। তাৰ পাছত প্ৰিন্স আৰু আন এগৰাকী সহপাঠী ছাত্ৰীগৰাকীৰ পিছে পিছে যায়।

পৰৱৰ্তী ভিডিঅ’ত তৃতীয় ছোৱালী এগৰাকীয়ে প্ৰিন্স আৰু সন্দীপৰ সৈতে শ্ৰেণীকোঠাত প্ৰৱেশ কৰি হাঁহি থকা দেখা গৈছে। তেওঁলোক দুগৰাকী শ্ৰেণীকোঠাৰ পিছফালে থকা বেঞ্চ এখনত বহি থাকে। ছাত্ৰজন আগশাৰীত বহি থাকে। কিন্তু প্ৰিন্স হঠাতে থিয় হৈ ঘূৰি আহে। তাকে দেখি সন্দীপো থিয় হয়। প্ৰিন্সৰ হাতত পিষ্টল থকা দেখা যায়। কিবা বুজি পোৱাৰ আগতেই প্ৰিন্সে সন্দীপৰ মূৰত গুলী মাৰে। ইয়াৰ পিছত তিনি খোজ পিছুৱাই গৈ পিষ্টলৰ নলীটো নিজৰ ফালে ঘূৰাই ট্ৰিগাৰ টানে। তেওঁৰ মূৰতো গুলী লাগে। ইয়াৰ পিছতে তৃতীয় সহপাঠীগৰাকী স্তম্ভিত হৈ থিয় হৈ থকা দেখা গৈছে। তেওঁ ভয়ত কঁপিছে। কিছুসময়ৰ পাছত দৌৰি বাহিৰলৈ ওলাই আহি আন সহপাঠীসকলক মাতে।
আৰক্ষীয়ে জনোৱা মতে, ছাত্ৰজনে সহপাঠীক হত্যা কৰি আত্মহত্যাৰ চেষ্টা কিয় কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। তদন্ত চলি আছে। আৰক্ষীয়ে জনোৱা মতে, যুৱক-যুৱতী দুগৰাকী আইনৰ ছাত্ৰ। বাকী তদন্ত চলি আছে।










