
মাতৃৰ গোপন ছবি (Viral video) তুলি প্ৰেমিকলৈ পঠিয়াইছিল কন্যাই। দিনৰ পিছত দিন ধৰি সেইবোৰ ছবি তেওঁৰ সন্মতি অবিহনে প্ৰেমিকৰ ফোনলৈ প্ৰেৰণ কৰি আছিল। কন্যাৰ ফোনত তালাচী চলাই এই তথ্য জানিব পাৰি মহিলাগৰাকীয়ে আৰক্ষীৰ কাষ চাপে।

লগতে কন্যাৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে। দুয়োৰে শাস্তি বিচাৰিছে মহিলাগৰাকীয়ে। কৰ্ণাটকৰ বেংগালুৰুত সংঘটিত হৈছে এই ঘটনা। ২৩ বছৰীয়া কন্যাৰ বিৰুদ্ধে গোপন ছবি তোলাৰ অভিযোগ উত্থাপন কৰিছে মাতৃয়ে।
তেওঁ আৰক্ষীক জনোৱা মতে, তেওঁৰ কন্যাই পঢ়াৰ বাবে পিতৃ-মাতৃৰ পৰা এটা মোবাইল বিচৰাত তেওঁক কিনি দিয়া হৈছিল। কিন্তু এমাহ পূৰ্বে পৰিয়ালৰ লোকে লক্ষ্য কৰিছিল যে যুৱতীগৰাকীয়ে সঘনাই অচিনাকি যুৱকৰ সৈতে ফোনত কথা পাতি থাকে। এই কথা সন্দেহ কৰি মহিলাগৰাকীয়ে নিজৰ কন্যাৰ ফোনটো পৰীক্ষা কৰে।
ফোনটো চোৱাৰ পিছত মাতৃয়ে গম পায় যে তেওঁৰ বহু ছবি ফোনটোৰে তুলিছে। কেৱল তেওঁৰেই নহয়, চিনাকি মহিলা এগৰাকীৰ ছবিও ফোনত আছিল। ব্যক্তিগত মুহূৰ্তৰ কেইবাখনো ছবিও আছিল। উক্ত ছবিবোৰ তেওঁলোকৰ সন্মতি অবিহনে লোৱা হৈছিল। আনকি যুৱতীগৰাকীয়ে গোপনে ফটো তুলি অচিনাকি যুৱকজনৰ ওচৰলৈ প্ৰেৰণ কৰে।
ইফালে কন্যাক সোধা-পোছা কৰাৰ পিছত মাতৃয়ে গম পায় যে যুৱকজনৰ লগত তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছে। আনকি যুৱতীগৰাকীয়ে কিছুদিন পূৰ্বে গোপনে বিয়া হৈছিল বুলিও দাবী কৰে।
ইয়াৰ পিছতে মহিলাগৰাকী থানালৈ যায়। তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি যুৱতীগৰাকীৰ ফোনটো জব্দ কৰে। অভিযুক্ত যুৱকজনৰ ফোনটোও জব্দ কৰা হৈছে।
আৰক্ষীয়ে জনোৱা মতে, ফোন দুটা ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ঘটনাৰ সকলো দিশৰ তদন্ত অব্যাহত আছে। বৰ্তমান তদন্তকাৰীয়ে ফৰেনছিক প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছে। অৱশ্যে এই পৰ্যন্ত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।










