
দিল্লীত এখন গাড়ীৰ পৰা উদ্ধাৰ হৈছে তিনিটা মৃতদেহ। পশ্চিম দিল্লীৰ পীৰাগৰহী উৰণ সেতুত ৰখাই থোৱা আছিল গাড়ীখন (Delhi Crime)। দেওবাৰে গাড়ীখনৰ পৰা উদ্ধাৰ হয় এগৰাকী মহিলা আৰু দুজন পুৰুষৰ মৃতদেহ।

অৱশ্যে তেওঁলোকৰ কেনেদৰে মৃত্যু হয় সেই বিষয়ে জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ফৰেনছিক বিশেষজ্ঞকো মতা হৈছে। দিল্লীৰ অন্যতম ব্যস্ত উৰণ সেতু হৈছে পীৰাগৰহী উৰণ সেতু। বহু সময় ধৰি গাড়ীখন তাতে ৰখাই থোৱা আছিল। কোন দিশৰ পৰা আৰু কেতিয়া গাড়ীখন আহিছিল সেয়া জানিব পৰা হোৱা নাই।
পিছত আৰক্ষীয়ে ফ্লাই অ’ভাৰত এখন গাড়ী বহু সময় ধৰি ৰখাই থোৱাৰ তথ্য লাভ কৰে। সেই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হয়। তেতিয়াই গাড়ীৰ ভিতৰত পৰি থকা তিনিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।
মৃত লোককেইজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে পি টি আয়ে প্ৰকাশ কৰা অনুসৰি, নিহতসকলৰ ভিতৰত এগৰাকী মহিলাও আছে। সূত্ৰই দাবী কৰিছে যে মহিলাগৰাকী আৰু আন এজন মৃত লোকৰ বয়স প্ৰায় ৪০ বছৰ। তৃতীয়জন ব্যক্তিৰ বয়স প্ৰায় ৬০ বছৰ।
তেওঁলোকৰ মৃত্যু কেনেকৈ হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। মৃত তিনিজনৰ কোনো এজনৰ শৰীৰত কোনো ধৰণৰ বাহ্যিক আঘাতৰ চিন নাই। লগত থকা বহুমূলীয়া বস্তুবোৰো গাড়ীত পৰি আছে। ফলত আৰক্ষীয়ে প্ৰথমে ডকাইতি বা হত্যাৰ চেষ্টাৰ সম্ভাৱনা নুই কৰিছে। তিনিওজনে আত্মহত্যা কৰিব পাৰে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।
এনে ৰহস্যজনক পৰিস্থিতিত একেলগে তিনিজন লোকৰ মৃত্যুৰ কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। তিনিওটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। দিল্লী আৰক্ষীৰ ফৰেনছিক বিষয়াৰ এটা দলে ঘটনাস্থলীৰ পৰা নমুনা সংগ্ৰহ কৰিছে।









