ASSAM TIMES POST
নিউজ ডেস্ক: বুধবাৰে পুৱা গুৱাহাটীত উপস্থিত নৰ্মদা বচোৱা আন্দোলনৰ নেত্ৰী মেধা পাটকাৰ আৰু সণ্ডীপ পাণ্ডে ভাৰতবৰ্ষৰ গণ আন্দোলনত সংগ্রামী দুয়োগৰাকী নেতাই বুধবাৰে সাক্ষাৎ কৰিব কৃষক নেতা অখিল গগৈক। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বুধবাৰে দিনৰ ১২ বজাত ‘কা’ৰ বিৰুদ্ধে সংগ্ৰাম কৰি বন্দীত্ব জীৱন অতিবাহিত কৰা কৃষক নেতাগৰাকীক নেতাদ্বয়ে সাক্ষাৎ কৰিব।

ইয়াৰ পিছতে গুৱাহাটী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত মেধা পাটকাৰ আৰু সণ্ডীপ পাণ্ডেয়ে এক সংবাদ মেলত সম্বোধন কৰিব। সংবাদ মেল সম্বোধন কৰা পিছতে বিয়লি ৪ বজাত কটন বিশ্ববিদ্যালয়ৰ চুৰ্দমাৰচন হলত “সাম্প্ৰতিক সময়ৰ সমাজ সচেতনতা সম্পৰ্কে আমাৰ ধাৰণা আৰু কৰিব লগা” বিষয়ক এক আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই আয়োজন কৰাৰ আলোচনা চক্ৰখনৰ উপৰিও অসম নাগৰিক সমাজৰ সৈতে মত-বিনিময় এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷













