
উচ্চতম ন্যায়ালয়ে (Supreme Court) ১৮ বছৰীয়া এগৰাকী মহিলাক গৰ্ভপাত কৰিবলৈ অনুমতি প্ৰদান কৰিছে। তেওঁ ৩০ সপ্তাহৰ গৰ্ভৱতী। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে কোনো মহিলাকে নিজৰ ইচ্ছাৰ বিৰুদ্ধে সন্তান জন্ম দিবলৈ বাধ্য কৰিব নোৱাৰিব।

এই গোচৰত বম্বে উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰিছে ন্যায়াধীশ বি ভি নাগাৰত্নৰ বিচাৰপীঠে। উচ্চ ন্যায়ালয়ে মহিলাগৰাকীক সন্তান জন্ম দিয়াৰ নিৰ্দেশ দিছিল। ইয়াত কোৱা হৈছিল যে সন্তান জন্ম দিয়াৰ পিছত সন্তানটো তুলি লোৱাৰ ব্যৱস্থা কৰিব লাগিব। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে সেই ৰায় বাতিল কৰি কয়, “কোনো মহিলাক ইচ্ছা নকৰিলে সন্তান জন্ম দিবলৈ আদালতে বাধ্য কৰিব নোৱাৰে।
১৭ বছৰ বয়সত গৰ্ভৱতী হোৱা মহিলাগৰাকীৰ বয়স এতিয়া ১৮ বছৰ চাৰি মাহ। বন্ধুৰ সৈতে সম্পৰ্কত থকাৰ সময়তে তেওঁ গৰ্ভৱতী হয়। শীর্ষ আদালতে পৰ্যবেক্ষণ কৰে যে মহিলাগৰাকীক সন্তান জন্ম দিবলৈ বাধ্য কৰালে তেওঁৰ মন আৰু শৰীৰ মানসিক চাপৰ সন্মুখীন হ’ব পাৰে৷ তেওঁলোকে মেডিকেল ৰিপ’ৰ্ট পৰীক্ষা কৰি কয় যে মহিলাগৰাকীয়ে গৰ্ভপাত কৰিলে তেওঁৰ জীৱনৰ কোনো বিপদ নহ’ব। অৱশ্যে এই বিষয়ত উচ্চ ন্যায়ালয়ৰ মতানৈক্য আছিল।
যুৱতীগৰাকীৰ অধিবক্তাই উচ্চতম ন্যায়ালয়ত যুক্তি দিছিল যে তেওঁক সন্তান জন্ম দিবলৈ বাধ্য কৰালে তেওঁৰ অনুভৱত আঘাত হানিব পাৰে। বিষয়টো তেওঁৰ বাবে সামাজিক লজ্জাজনক হৈ পৰিব পাৰে। উচচতম ন্যায়ালয়ে কয় যে যুৱতীগৰাকীয়ে ‘অবৈধ’ সন্তান জন্ম দিয়াৰ অনিচ্ছাক গুৰুত্ব দিছে৷
বিচাৰপীঠৰ পৰ্যবেক্ষণ, “যুৱতীগৰাকী গৰ্ভধাৰণৰ সময়ত নাবালিকা আছিল। এই দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সৃষ্টি হৈছে তেওঁৰ অতীতৰ সম্পৰ্কৰ বাবে। গতিকে এতিয়া এই সন্তানটো জন্ম দিব বিচাৰে নে নাই সেইটো চাব লাগিব।” উভয় পক্ষৰ সন্মতিসাপেক্ষে যুৱতীগৰাকীৰ সম্পৰ্ক গঢ় লৈ উঠিছেনে নাই সেয়া জনাটো প্ৰয়োজনীয় নহয় বুলিও উচ্চ ন্যায়ালয়ে কয়।
বিচাৰপীঠে পৰ্যবেক্ষণ কৰিছে, “সত্যটো হ’ল যে সন্তানটো অবৈধ। আৰু মাতৃয়ে সেই সন্তানটো জন্ম দিব নিবিচাৰে। মাতৃয়ে সন্তান জন্ম দিয়াৰ স্বাধীনতাক গুৰুত্ব দিব লাগে। মহিলাগৰাকীয়ে নিবিচাৰিলে আদালতে জোৰ কৰিব নোৱাৰে।” ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে চিকিৎসকৰ সহায়ত যুৱতীগৰাকীক গৰ্ভপাত কৰিবলৈ অনুমতি প্ৰদান কৰে।
ন্যায়াধীশ নাগাৰত্নে প্ৰশ্ন কৰে, “আমি কাৰ স্বাৰ্থৰ যত্ন ল’ম? যিয়ে সন্তান জন্ম দিয়া নাই তেওঁৰ, নে যিয়ে সন্তান জন্ম দিবলৈ ওলাইছে সেই মাতৃৰ?” উচ্চতম ন্যায়ালয়ে লগতে পৰ্যবেক্ষণ কৰে যে বহু মাতৃয়ে এম টি পি আইনৰ বাহিৰলৈ গৈ গৰ্ভপাত কৰিব বিচাৰে। যদি চিকিৎসকে গৰ্ভপাত কৰিবলৈ মান্তি নহয় তেন্তে ধাইৰ ওচৰলৈ যায়।
ভাৰতৰ মেডিকেল টাৰ্মিনেচন অব প্ৰেগনেন্সী আইন অনুসৰি, গৰ্ভৱতী মহিলাই ২০ সপ্তাহলৈকে গৰ্ভপাত কৰিব পাৰে। যদি কোনো গৰ্ভৱতী মহিলাই ২৪ সপ্তাহলৈকে গৰ্ভপাত কৰিব বিচাৰে তেন্তে চিকিৎসা ব’ৰ্ডৰ পৰামৰ্শ ল’ব লাগিব। গৰ্ভপাত মাতৃৰ জীৱনৰ বাবে বিপজ্জনক হ’ব পাৰে নেকি সেয়া জানিব লাগিব। যদি ২৪ সপ্তাহৰ পিছত গৰ্ভপাত বিচৰা হয় তেন্তে আদালতৰ অনুমতি ল’ব লাগিব।
ইয়াৰ পূৰ্বে বম্বে উচ্চ ন্যায়ালয়ে গৰ্ভত থকা ভ্ৰুণটো সুস্থ বুলি কয়। গতিকে গৰ্ভপাতৰ অনুমতি দিয়াটো ‘ফেটিচাইড’ৰ সমান হ’ব। ন্যায়াধীশ ৰবীন্দ্ৰ ঘুগে আৰু অভয় জে মন্ত্ৰীৰ বিচাৰপীঠে কয় যে প্ৰসৱৰ সময়লৈকে ছোৱালীজনীৰ শাৰীৰিক আৰু মানসিক চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।
শিশুটি জন্ম হোৱাৰ পিছত পঞ্জীয়নভুক্ত অনাথ আশ্ৰমলৈ পঠোৱাৰ ব্যৱস্থা কৰিব লাগে। তাত দত্তক লোৱাৰ ব্যৱস্থাও কৰিব লাগে। শিশু কল্যাণ সমিতি এখনে এই ক্ষেত্ৰত ছোৱালীজনীক সহায় কৰিব।
সেই ৰায়ৰ বিৰুদ্ধে ছোৱালীজনীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।
ছোৱালীজনীৰ মাতৃয়ে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল গৰ্ভপাতৰ বাবে। আবেদনকাৰীয়ে অভিযোগ কৰে যে যেতিয়া ছোৱালীজনীৰ বয়স ১৭ বছৰ আছিল তেতিয়া তেওঁৰ এজন পুৰুষৰ সৈতে সম্পৰ্ক আছিল। ফলত তেওঁ গৰ্ভৱতী হৈছিল।
আবেদনখনত উল্লেখ কৰা হৈছে যে বিয়াৰ প্ৰতিশ্ৰুতিৰে ছোৱালীজনীক জোৰকৈ যৌন সম্পৰ্ক স্থাপন কৰিছিল। ছোৱালীজনীয়ে গৰ্ভৱতী বুলি গম পোৱাৰ পিছতে পৰিয়ালটোৱে ২ জানুৱাৰীত থানাত এফ আই আৰ দাখিল কৰে। যুৱতীগৰাকীৰ অধিবক্তাই দাবী কৰে যে তেওঁ গৰ্ভপাত কৰিব বিচাৰে।










