
দিল্লীত চলিত বৰ্ষৰ প্ৰথম ১৫ দিনত ৫০০ৰো অধিক মহিলা নিৰুদ্দেশ (Delhi Crime) হোৱাৰ খবৰ প্ৰকাশ পাইছিল। সংবাদ সংস্থা পি টি আয়েও সেই খবৰ প্ৰকাশ কৰিছে। কিন্তু শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্থ দিল্লী আৰক্ষীয়ে উক্ত দাবী খণ্ডন কৰে।

ইয়াত কোৱা হৈছে যে এই সকলোবোৰ ভুৱা অপপ্ৰচাৰ ব্যৱসায়িক উদ্দেশ্যত প্ৰচাৰ কৰা হৈছে। দৰাচলতে বছৰৰ প্ৰথম মাহৰ প্ৰথমাৰ্ধত দিল্লীৰ পৰা নিৰুদ্দেশ হোৱা নাই ইমানসংখ্যক মহিলা। অন্ততঃ তেওঁলোকৰ হাতত তেনে কোনো পৰিসংখ্যা নাই। ৰাজধানী আৰক্ষীয়ে এনে ভুৱা বাতৰি প্ৰচাৰ হ’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকীয়াই দিছে।
শুকুৰবাৰে পুৱা দিল্লী আৰক্ষীয়ে ছচিয়েল মিডিয়াত এটা পোষ্ট কৰে। তাত লিখা আছিল, “কিছুমান তথ্যৰ তদন্তৰ অন্তত আমি জানিব পাৰিছোঁ যে দিল্লীত নিৰুদ্দেশ হোৱা মহিলাৰ সংখ্যা হঠাতে বৃদ্ধি পোৱা সন্দৰ্ভত যি বাতৰি প্ৰচাৰ হৈ আছে তাৰ আঁৰত বাণিজ্যিক আগ্ৰহ আছে। আৰ্থিক লাভৰ বাবে আতঙ্কৰ পৰিৱেশ সৃষ্টি কৰাৰ এনে প্ৰচেষ্টা কোনো ধৰণে সহ্য কৰা নহ’ব। ইয়াৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম।”
৩০ জানুৱাৰীত ‘দিল্লী আৰক্ষীৰ তথ্য’ৰ উদ্ধৃতি দি সংবাদ সংস্থা পি টি আয়ে প্ৰকাশ কৰা অনুসৰি, ২০২৬ চনৰ প্ৰথম ১৫ দিনত ৰাজধানীৰ পৰা ৮০০ৰো অধিক লোক নিৰুদ্দেশ হৈছিল।
ইয়াৰে দুই তৃতীয়াংশ মহিলা। এই সন্দৰ্ভত দিল্লী আৰক্ষীৰ তথ্য সত্যাপন কৰা বুলি দাবী কৰে পি টি আয়ে। ইয়াত কোৱা হৈছে যে ১ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ দিল্লীত মুঠ নিৰুদ্দেশ হোৱা লোকৰ সংখ্যা ৮০৭ জন (গড়ে প্ৰতিদিনে ৫৪ জন)। ইয়াৰে ৫০৯ গৰাকী মহিলা আৰু ২৯৮ গৰাকী পুৰুষ।
নিৰুদ্দেশ হোৱা তালিকাত আছে ১৯১ জন নাবালক। আনহাতে, ২৩৫ জন লোক উদ্ধাৰ হোৱাৰ বিপৰীতে ৫৭২ জন নিৰুদ্দেশ হৈ আছে বুলি পি টি আইৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
সংবাদ সংস্থাটোৱে ২০২৫ চনৰ পৰিসংখ্যাও উল্লেখ কৰে। তাৰ পৰা ২০২৫ চনত দিল্লীত মুঠ ২৪,৫০৮ জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰে ৬০ শতাংশ মহিলা।
কিন্তু ২০২৬ চনৰ আৰম্ভণিতে নিৰুদ্দেশ হোৱা লোকৰ সংখ্যা হঠাৎ বৃদ্ধি পোৱাটোৱে কেইবা গুণো উদ্বেগ প্ৰকাশ কৰিছে। তদন্তৰ অন্তত দিল্লী আৰক্ষীয়ে এই বিষয়টো ভুৱা আৰু ব্যৱসায়িক উদ্দেশ্যপ্ৰণোদিত বুলি দাবী কৰে।










