
জানুৱাৰী মাহত দিল্লী দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে (Pollution City of Indian) পৰিগণিত হৈছিল। কিন্তু এইবাৰ দিল্লীক পৰাস্ত কৰি উত্তৰ প্ৰদেশৰ গাজিয়াবাদে নতুন অভিলেখ গঢ়ে।

বায়ুৰ গুণাগুণৰ ওপৰত কাম কৰা আন্তঃৰাষ্ট্ৰীয় গৱেষণা সংস্থা চেণ্টাৰ ফৰ ৰিছাৰ্চ অন এনাৰ্জী এণ্ড ক্লিন এয়াৰে (CREA) জানুৱাৰী মাহৰ প্ৰদূষিত চহৰৰ তালিকা প্ৰকাশ কৰিছে। তালিকাৰ শীৰ্ষত আছে গাজিয়াবাদ। প্ৰতিবেদন অনুসৰি, জানুৱাৰী মাহত গাজিয়াবাদত গড় পি এম ২.৫ মাত্ৰা আছিল ১৮৪ মাইক্ৰ’গ্ৰাম প্ৰতি ঘনমিটাৰত।
প্ৰতিবেদনত কোৱা হৈছে যে মহানগৰীখনে মাহৰ প্ৰতিটো দিনেই ৰাষ্ট্ৰীয় দৈনিক বায়ুৰ গুণাগুণৰ সীমা অতিক্ৰম কৰিছিল। জানুৱাৰী মাহত দিল্লীত গড় পি এম ২.৫ৰ মাত্ৰা প্ৰতি ঘনমিটাৰত ১৬৯ মাইক্ৰ’গ্ৰাম আছিল, যিটো বায়ুৰ গুণাগুণ স্বাভাৱিক (৬০ মাইক্ৰ’গ্ৰাম)তকৈ প্ৰায় ৩ গুণ বেছি।
CREA তথ্য অনুসৰি, জানুৱাৰী মাহত ৩১ দিনৰ ভিতৰত ২৪ দিন দিল্লীৰ বায়ুৰ গুণাগুণ অতি নিম্ন, ৩ দিন ভয়ংকৰ, ২ দিন বেয়া আৰু বাকী ২ দিন মধ্যমীয়া। চি আৰ ই এৰ প্ৰতিবেদন অনুসৰি, ভাৰতৰ শীৰ্ষ ১০ খন প্ৰদূষিত চহৰ হ’ল নয়ডা, গুৰুগ্ৰাম, গ্ৰেটাৰ নয়ডা, ধৰুহেৰা, গেংটক, চিংৰাউলি, ভীৱাড়ী আৰু নৰনাউল। শীৰ্ষ ১০ খন প্ৰদূষিত চহৰৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ তিনিখনকৈ চহৰ আছে।
দেশৰ বায়ুৰ গুণাগুণ নিৰীক্ষণ কেন্দ্ৰৰ পৰা লাভ কৰা পি এম ২.৫ তথ্যৰ ভিত্তিত এই অধ্যয়ন চলোৱা হৈছে। পি এম ২.৫ হৈছে আটাইতকৈ ক্ষতিকাৰক অণুবীক্ষণিক বায়ু প্ৰদূষক কণা, যিয়ে হাওঁফাওঁৰ বিভিন্ন গুৰুতৰ ৰোগ সৃষ্টিৰ বাবে দায়ী।
চি পি চি বিৰ তথ্য অনুসৰি, যদি এ কিউ আই ০-৫০ হয় তেন্তে ভাল। যদি ৫১-১০০ হয় তেন্তে সন্তোষজনক। যদি ১০১-২০০ হয় তেন্তে মধ্যমীয়া। যদি ২০১-৩০০ হয় তেন্তে বেয়া। যদি ৩০১-৪০০ হয় তেন্তে অতি বেয়া আৰু যদি ৪০১-৫০০ হয় তেন্তে ভয়ংকৰ।









