
উত্তৰ প্ৰদেশ (Uttar Pradesh)ৰ এখন জিলাত বৈবাহিক বিসংগতিৰ ফলত উদ্ভৱ হোৱা এক ভয়ানক আৰু মৰ্মান্তিক ঘটনাৰ সাক্ষী হৈ পৰে সমাজখন। ঘাঁচীৰাম (Ghanchiram) নামৰ এজন ৩৭ বছৰীয়া যুৱকে দীৰ্ঘদিন ধৰি পত্নীৰ লগত যৌন সম্পৰ্ক নোহোৱাৰ বাবে হতাশাগ্ৰস্ত হৈ চৰম আত্মঘাতী সিদ্ধান্ত ল’বলৈ বাধ্য হোৱা বুলি অভিযোগ উত্থাপন হয়।
আৰক্ষী আৰু চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, মদ্যপান কৰি পত্নীৰ সৈতে কাজিয়া কৰি তেওঁ নিজৰ যৌনাংগ কাটি পেলায় (cut his panis)। ডেইলী মেইলত প্ৰকাশিত এক বাতৰি অনুসৰি, ১৮ বছৰ পূৰ্বে ঘাঁচীৰামৰ বিবাহ হৈছিল। তেওঁৰ দাবী যে তেওঁলোকৰ বিয়াৰ প্ৰায় আঠ বছৰ পিছৰ পৰাই তেওঁৰ পত্নী মঞ্জৰী দেৱীয়ে তেওঁৰ সৈতে শাৰীৰিক সংগম কৰিবলৈ অস্বীকাৰ কৰি আহিছে। এই দীৰ্ঘদিনীয়া যৌন বঞ্চনাই তেওঁক মানসিকভাৱে ভাঙি পেলাইছে বুলি দাবী কৰিছে ঘাঁচীৰামে। চলিত সপ্তাহৰ আৰম্ভণিতে সংঘটিত হৈছে এই ঘটনা। সেই নিশা ঘাঁচীৰাম সুৰাপান কৰি ঘৰলৈ উভতি আহে। তাৰ পিছত যেতিয়া পত্নীৰ পৰা শাৰীৰিক সংগম বিচাৰিছিল, তেতিয়া তেওঁ নাকচ কৰে। ইয়াৰ ফলত দুয়োৰে মাজত তীব্ৰ তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। অভিযোগ অনুসৰি, খঙতে ঘাঁচীৰামে পাকঘৰত প্ৰৱেশ কৰি চোকা কটাৰীৰে যৌনাংগ কাটি পেলায়। অলপ সময়ৰ ভিতৰতে অত্যধিক ৰক্তক্ষৰণৰ বাবে মজিয়াত ঢলি পৰে।

চিঞৰ-বাখৰ শুনি ওচৰ-চুবুৰীয়া ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকৰ সহায়ত মঞ্জৰী দেৱীয়ে খৰধৰকৈ আঘাতপ্ৰাপ্ত স্বামীক ওচৰৰ চিকিৎসালয়লৈ লৈ যায়। প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসকে অস্ত্ৰোপচাৰৰ জৰিয়তে কটা যৌনাংগ পুনৰ সংলগ্ন কৰিবলৈ চেষ্টা কৰে।
চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, অস্ত্ৰোপচাৰ সফল হোৱাৰ বাবে ঘাঁচীৰামৰ শাৰীৰিক অৱস্থা বৰ্তমান সুস্থিৰ। চিকিৎসকসকল আশাবাদী যে ভৱিষ্যতে তেওঁ স্বাভাৱিক জীৱন যাপন কৰি সন্তান জন্ম দিব পাৰিব যদিও সম্পূৰ্ণ সুস্থ হ’বলৈ সময় লাগিব। আনহাতে, পত্নীৰ বক্তব্য সম্পূৰ্ণ বেলেগ। মঞ্জৰী দেৱীয়ে কয় যে সেইদিনা স্বামীৰ অত্যধিক মদ্যপানৰ অৱস্থাৰ বাবে তেওঁ শাৰীৰিক সংগম কৰিবলৈ অস্বীকাৰ কৰিছিল। স্বামীৰ আত্মহত্যাৰ সিদ্ধান্তৰ বাবে তেওঁ দায়ী নহয় বুলি দাবী কৰে আৰু ঘাঁচীৰামে তেওঁৰ ভুল ঢাকিবলৈ তেওঁক দোষাৰোপ কৰিছে। এই ঘটনাক আত্মহত্যাৰ চেষ্টা বুলি পঞ্জীয়ন কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বৈবাহিক বিবাদ আৰু মানসিক স্বাস্থ্যৰ দিশৰ তদন্ত চলি আছে। এই পৰ্যন্ত কোনো অপৰাধমূলক অভিযোগ দাখিল কৰা হোৱা নাই। উল্লেখ্য যে বিগত কিছু বছৰত ভাৰতত বৈবাহিক বিসংগতি, যৌন অসন্তুষ্টি আৰু মানসিক চাপৰ ফলত চৰম আত্মঘাতীৰ কেইবাটাও ঘটনা সংঘটিত হৈছে। বিশেষজ্ঞসকলৰ মতে, এনে ঘটনাই সমাজত মানসিক স্বাস্থ্য, বৈবাহিক পৰামৰ্শ আৰু সুৰাপানৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তাক প্ৰকট কৰি তুলিছে।










