
পাকিস্তানত জুমাৰ নামাজ (Friday prayer in Pakistan)ৰ সময়ত পুনৰ আক্ৰমণৰ লক্ষ্য (Target of the attack) কৰি লোৱা হয় এটা মছজিদ (A mosque)। পাকিস্তানী সংবাদ মাধ্যম দ্য ডনে প্ৰকাশ কৰা অনুসৰি, শুকুৰবাৰে বিয়লি ৰাজধানী ইছলামাবাদৰ শ্বেহজাদ টাউন অঞ্চলৰ ছিয়া তাৰলাই ইমাম্বাৰ ছিয়া মছজিদত সংঘটিত হোৱা আত্মঘাতী বিস্ফোৰণত কমেও ৩১ জন লোক নিহত (31 people killed) হয়। ১৫০ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে।
ইছলামাবাদ আৰক্ষীয়ে জনোৱা মতে, আত্মঘাতী বোমাৰুজনক প্ৰৱেশদ্বাৰৰ সন্মুখত ৰখাই দিয়াৰ সময়তে ‘চুইচাইড ভেষ্ট’ পৰিধান কৰা সন্ত্ৰাসবাদীজনে নিজকে বিস্ফোৰণ ঘটায়। আৰক্ষী বিষয়া জাফৰ ইকবালে ৰয়টাৰক জনাইছে, “আমি কেইবাজনো লোকক চিকিৎসালয়লৈ স্থানান্তৰিত কৰিছো।

এই মুহূৰ্তত কিমানজন লোকৰ মৃত্যু হৈছে সেয়া সঠিকভাৱে ক’ব নোৱাৰি। কিন্তু হয়, বহুতৰে মৃত্যু হৈছে।” উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকাট মিৰ্জিঅ’য়েভৰ দুদিনীয়া পাকিস্তান ভ্ৰমণ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে। তেওঁ ইছলামাবাদত থকা অৱস্থাতে সংঘটিত হয় এই আক্ৰমণ।
চুন্নী সংখ্যাগৰিষ্ঠ পাকিস্তানে বিগত সময়ছোৱাত ছিয়া মছজিদত কেইবাটাও মাৰাত্মক আক্ৰমণৰ সাক্ষী হৈ আহিছে। খাইবাৰ পখতুনখোৱা আৰু পাকিস্তানৰ পঞ্জাব প্ৰদেশত এনেধৰণৰ আক্ৰমণ অধিক সংঘটিত হৈছে। বহুতে বিশ্বাস কৰে যে এই ক্ষেত্ৰতো কোনো চুন্নী সন্ত্ৰাসবাদী সংগঠনে আত্মঘাতী আক্ৰমণ চলাব পাৰে। কেনেদৰে বিস্ফোৰণ সংঘটিত হয় আৰু বিস্ফোৰণৰ আঁৰত কোন আছে সেই বিষয়ে জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এই বিস্ফোৰণৰ বাবে এতিয়াও কোনো সংগঠনে দায়িত্ব স্বীকাৰ কৰা নাই। অৱশ্যে আৰক্ষীৰ সূত্ৰই জনোৱা মতে, আক্ৰমণকাৰীজন বিদেশী নাগৰিক আৰু তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি) ৰ (যাক পাকিস্তান চৰকাৰে ‘ফিটনা আল-খোৱাৰিজমি’ বুলি কয়) সৈতে তেওঁৰ সম্পৰ্ক আছিল।










