
সংসদত অর্থনৈতিক সমীক্ষাৰ প্রতিবেদনে ইতিমধ্যে ইংগিত দিছিল যে আন কেইবাখনো দেশৰ দৰে ভাৰততো ছ’চিয়েল মিডিয়া (Social Media) ব্যৱহাৰৰ বয়সৰ সীমা থাকিব পাৰে৷ সেই ইংগিতটো কাৰ্যতঃ ছীল কৰা হৈছে।

বৃহস্পতিবাৰে আই টি সচিবগৰাকীয়ে কয় যে অৰ্থনৈতিক জৰীপে বয়সৰ ওপৰত ভিত্তি কৰি অনলাইন প্লেটফৰ্ম ব্যৱহাৰৰ সন্দৰ্ভত কেইবাটাও পৰামৰ্শ আগবঢ়াইছে। এই সন্দৰ্ভত সকলো মতামত পৰীক্ষা কৰি সিদ্ধান্ত লোৱা হ’ব।
শেহতীয়াকৈ এই সমীক্ষাত অনলাইন নিচা হ্ৰাস কৰিবলৈ অনলাইন ক্লাছ হ্ৰাস কৰাৰ পৰামৰ্শ দিয়া হৈছিল। প্ৰতিবেদনত কোৱা হৈছিল যে অনলাইন প্লেটফৰ্ম ব্যৱহাৰৰ বাবে নিৰ্দিষ্ট বয়সৰ সীমা থাকিব লাগে। বিশেষকৈ শিশু সুৰক্ষাৰ বিষয়টোও উত্থাপন কৰা হয়।
শেহতীয়াকৈ গাজিয়াবাদত অনলাইন গেমৰ প্ৰতি আসক্তিৰ বাবে তিনিগৰাকী কিশোৰীয়ে আত্মহত্যা কৰে। যাৰ বাবেই উদ্বেগ বৃদ্ধি পাইছে। উল্লেখ্য যে ডেনমাৰ্ক, অষ্ট্ৰেলিয়া, ফ্ৰান্সে প্ৰাপ্তবয়স্ক হোৱাৰ পূৰ্বে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।
ইংলেণ্ডতো একে পথেই চলি আছে। এইবাৰ ভাৰতে শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰতো নিষেধাজ্ঞা আৰোপ কৰিব পাৰে। অনলাইন আসক্তি হ্ৰাস কৰিলে যৌনতাবাদ আৰু হিংসাৰ দৰে আচৰণ ৰোধ কৰিব পৰা যায় বুলিও বিশ্বাস কৰা হয়।









