
পাকিস্তানৰ সামৰিক আৰু অসামৰিক নেতৃত্বই বৃহস্পতিবাৰে কাশ্মীৰৰ জনসাধাৰণৰ প্ৰতি ‘সম্পূৰ্ণ সমৰ্থন’ পুনৰবাৰ প্ৰকাশ কৰে।

‘কাশ্মীৰ সংহতি দিৱস’ উপলক্ষে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কাশ্মীৰ বিবাদৰ অন্ত পৰাৰ সন্দৰ্ভত ভাৰতক এক বিশেষ বাৰ্তাও প্ৰদান কৰে। দেশখনৰ ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীয়েও ৰাজনৈতিক আৰু কূটনৈতিক সমৰ্থনৰ কথা ঘোষণা কৰে।
পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা তেওঁ কয় যে জম্মু-কাশ্মীৰক লৈ হোৱা বিবাদ সমাধানৰ বাবে কাশ্মীৰৰ জনসাধাৰণৰ ইচ্ছাক সন্মান কৰিব লাগিব। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিব লাগিব।
তেওঁ লগতে দাবী কৰে যে কাশ্মীৰ পাকিস্তানৰ অংশ হ’ব। ২০২৫ চনত পহেলগাম আৰু অপাৰেচন সিন্দুৰ পৰিস্থিতিৰ সময়ত ভাৰত-পাকিস্তান সংঘাতৰ কথা উল্লেখ কৰি শ্বাহবাজে দাবী কৰে যে কাশ্মীৰ বিষয়টো কূটনৈতিকভাৱে ‘পূৰ্ণ শক্তিৰে পুনৰুজ্জীৱিত’ হৈছে।
পাকিস্তানৰ পিতৃ মহম্মদ আলী জিন্নাই কাশ্মীৰক পাকিস্তানৰ ‘জুগুলাৰ ভেইন’ বুলি দাবী কৰি শ্বাহবাজে দাবী কৰে যে কাশ্মীৰ হৈছে পাকিস্তানৰ বৈদেশিক নীতিৰ ভেটি। চুবুৰীয়া দেশখনৰ প্ৰধানমন্ত্ৰীয়ে বৃহস্পতিবাৰে কাশ্মীৰক পেলেষ্টাইনৰ সৈতে তুলনা কৰি সন্ত্ৰাসবাদী নেতা বুৰহান ৱানী, চৈয়দ আলী গিলানী আৰু বিচ্ছিন্নতাবাদী নেতা ইয়াচিন মালিক, মিৰৱাইজ ওমৰ ফাৰুক, আছিয়া আন্দ্ৰাবিৰ নাম উল্লেখ কৰে।
এক বিবৃতিত পাকিস্তান সেনাই কয় যে সেনাপ্ৰধান আচিম মুনিৰকে ধৰি সকলো সেৱাৰ মুৰব্বীসকলে কাশ্মীৰৰ নাগৰিকসকলৰ প্ৰতি ‘সম্পূৰ্ণ সমৰ্থন’ব্যক্ত কৰিছে। অনুষ্ঠানৰ দিনটোত ফিল্ড মাৰ্শ্বালেও বিভিন্ন সামৰিক এলেকা পৰিদৰ্শন কৰে।










