
শুকুৰবাৰে সন্ধিয়া ৰাজস্থান (Rajasthan)ত এজন যুৱকৰ মৃত্যু (Youth Death) হয়। যদিও এই মৃত্যুক প্ৰথম দৃষ্টিত দুৰ্ঘটনা যেন লাগিছিল, তথাপিও ঘটনাৰ সত্যতা লাহে লাহে ওলাই আহিছে আৰু সাধাৰণ ৰাইজ স্তম্ভিত হৈ পৰিছে। বহুতে কয় যে এই মৃত্যুৱে তেওঁলোকক মেঘালয়ৰ হানিমুনৰ সময়ত সংঘটিত হত্যাকাণ্ডৰ কথা মনত পেলাই দিয়ে। ই তেওঁলোকক সোণম আৰু ৰাজাৰ ঘটনাৰ কথা মনত পেলাই দিয়ে।
শুকুৰবাৰে ৰাজস্থানৰ নৱবিবাহিত দম্পতী আশীষ আৰু অঞ্জু ফুৰিবলৈ ওলাইছিল। প্ৰথম দৃষ্টিত এনে লাগে যেন খোজকাঢ়ি গৈ থকা দম্পতীহালক গাড়ী এখনে খুন্দা মাৰে। আশীষৰ থিতাতে মৃত্যু (Ashish’s Death) হয়, অচিনাক্ত লোকে কাঢ়ি লৈ যায় অঞ্জুৰ সোণৰ গহনা। অঞ্জু ৰাস্তাত অচেতন হৈ পৰি আছিল। কিন্তু আৰক্ষীয়ে সহায়ৰ হাত আগবঢ়োৱাৰ পিছত সমগ্ৰ ঘটনাটোৱে ১৮০ ডিগ্ৰী টাৰ্ণ লৈছিল। আৰক্ষীয়ে তদন্ত কৰি গম পায় যে অঞ্জুৱে তেওঁৰ প্ৰেমিক সঞ্জু আৰু আন দুজনৰ সহায়ত আশীষক হত্যা কৰিছিল আৰু প্ৰথম অৱস্থাত ইয়াক দুৰ্ঘটনা যেন দেখুৱাবলৈ চেষ্টা কৰিছিল।
যোৱা ৩০ জানুৱাৰীত এই ঘটনা সংঘটিত হৈছিল। শ্ৰীগংগানগৰৰ আৰক্ষী অধীক্ষক অমৃতা দুহানে জনোৱা মতে, যোৱা ৩০ জানুৱাৰীৰ নিশা প্ৰায় ৯ বজাত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰিছিল। আৰক্ষীক জনোৱা হৈছিল যে এহাল দম্পতী পথত অচেতন হৈ পৰি আছিল। লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। দম্পতীহালক কমিউনিটি হেল্থ চেণ্টাৰলৈ লৈ যোৱা হয় যদিও চিকিৎসকে আশীষক মৃত ঘোষণা কৰে।

তেওঁ কয়, “আমাক জনোৱা হৈছিল যে এজন ব্যক্তিক অচিনাকি বাহনে খুন্দা মাৰে, গাড়ীখনৰ খুন্দাত তেওঁৰ মৃত্যু হয়। দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পিছত আমি কাৰিকৰী দৃষ্টিকোণৰ পৰা তদন্ত কৰিবলৈ ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ (এফএছএল) দলকো ফোন কৰিলোঁ।”
আৰক্ষীয়ে সোধা-পোছা কৰাত ২৩ বছৰীয়া অঞ্জুৱে প্ৰথমে আৰক্ষীক জনাইছিল যে তেওঁ আৰু তেওঁৰ স্বামী সন্ধিয়া খোজকাঢ়িবলৈ ওলাই আহিছিল। তেতিয়া এখন অচিনাকি গাড়ীয়ে তেওঁক আৰু আশীষক খুন্দা মাৰে। লগতে অচিনাক্ত ব্যক্তিয়ে তেওঁৰ সোণৰ গহনা কাঢ়ি লৈ যোৱা বুলিও দাবী কৰে তেওঁ। কিন্তু আৰক্ষীয়ে অঞ্জুৰ বক্তব্যত অসামঞ্জস্যতা বিচাৰি পালে। তাৰ পাছত আৰম্ভ হ’ল জেৰা। আশীষৰ মৃতদেহত পোৱা চিন আৰু অন্যান্য ঘটনাবোৰলৈ চাই আৰক্ষীয়ে বিশ্বাস কৰে যে আশীষক ডিঙি চেপি হত্যা কৰা হৈছিল। আনহাতে, প্ৰহাৰৰ অভিযোগ থকাৰ পিছতো আৰক্ষীয়ে অঞ্জুৰ শৰীৰত কোনো ধৰণৰ আঘাতৰ চিন নাপালে।
কোন এই অঞ্জু-আশীষ? জানিব পৰা মতে, তিনিমাহ পূৰ্বে দুয়োৰে বিয়া হৈছিল। কিন্তু বিয়াৰ পিছতো অঞ্জুৱে পুনৰ প্ৰেমিকৰ লগত যোগাযোগ কৰিছিল। আশীষক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। ৰাতি ফুৰিবলৈ ওলাই যায়। সেই সময়ত পৰিকল্পনা অনুসৰি কিছু লোকে আশীষক আক্ৰমণ কৰে।










