
বয়স মাত্ৰ ২০ বছৰ। কথা ক’ব নোৱাৰে, কাণেৰেও নুশুনে। এগৰাকী মূক-বধিৰ যুৱতী ধৰ্ষণ (Rape of deaf and dumb girl)ৰ পিছত গৰ্ভৱতী হয়। ইয়াৰ পিছত সন্দেহত ১৭ জন লোকৰ ডি এন এ পৰীক্ষাৰ অন্তত অৱশেষত প্ৰকাশ পালে ধৰ্ষণৰ মূল অভিযুক্তৰ নাম। যুৱতীগৰাকী গৰ্ভৱতী হোৱাৰ পিছতহে এই ধৰ্ষণৰ ঘটনা পোহৰলৈ আহে। ইটোৰ পিছত সিটোকৈ ডি এন এ টেষ্ট (DNA Test) আৰম্ভ হয়। অৱশেষত পিতৃৰ ডি এন এ টেষ্টত এই ৰহস্যৰ কথা পোহৰলৈ আহে। পিতৃৰ ডি এন এ যুৱতীগৰাকীৰ ভ্ৰুণৰ লগত মিলি যায়। তাৰ দ্বাৰা অৱশেষত প্ৰমাণিত হয় যে যুৱতীগৰাকীক তেওঁৰ পিতৃয়ে ধৰ্ষণ (Father’s rape) কৰিছিল। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ মুম্বাইৰ কফে পেৰেড (Mumbai’s Coffee Parade) এলেকাত। বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত সংঘটিত হয় এই ঘটনা। ভুক্তভোগীৰ বক্তব্য অনুসৰি, ইয়াৰ পূৰ্বেও এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল। লগতে গ্ৰেপ্তাৰ কৰে এজন ১৭ বছৰীয়া কিশোৰক। আনহাতে, এই ঘটনাত আৰু কোন কোন জড়িত আছিল সেই বিষয়েও তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে।
১৭ জন অভিযুক্তৰ ডি এন এ টেষ্ট কৰা হয়। তালিকাত ছোৱালীজনীৰ পিতৃও আছিল। পৰীক্ষাত ছোৱালীজনীৰ ভ্ৰুণটো পিতৃৰ ডি এন এৰ লগত মিলি যায়। ইয়াৰ পিছতে আৰক্ষীয়ে ধৰ্ষণকাৰী পিতৃক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জনোৱা মতে, যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত হঠাতে ছোৱালীজনীৰ পেটৰ বিষ হ’বলৈ আৰম্ভ কৰিছিল। মূক-বধিৰ ছোৱালীজনীয়ে আইতাকক এই কথা কয়। তেওঁ হাতেৰে আঙুলিয়াই বিষটো বুজাই দিলে। তাৰ পিছত তেওঁক মহানগৰীৰ এখন প্ৰখ্যাত চিকিৎসালয়ত ভৰ্তি কৰা হয়। পৰীক্ষাৰ অন্তত ছোৱালীজনী পাঁচ মাহৰ গৰ্ভৱতী বুলি ধৰা পৰে। লগে লগে চিকিৎসালয়খনে থানাক এই বিষয়ে অৱগত কৰে।
তদন্তৰ আৰম্ভণিতে বাধাৰ সন্মুখীন হয় আৰক্ষী। কাৰণ ছোৱালীজনীয়ে ইচ্ছাকৃতভাৱে কোনো তথ্য প্ৰকাশ কৰিব বিচৰা নাছিল। প্ৰকৃত অভিযুক্ত কোন সেইটোও পৰিয়ালক কোৱা নাছিল। সেই সময়ত আৰক্ষীয়ে তেওঁৰ পিতৃকো সোধা-পোছা কৰিছিল। সেই সময়ত তেওঁ কয় যে তেওঁলোকে ছোৱালীজনী কেনেকৈ গৰ্ভৱতী হ’ল সেই বিষয়ে একো নাজানে। আনকি তেওঁ এজাহাৰ দাখিল কৰিবলৈও অস্বীকাৰ কৰিছিল।
দীৰ্ঘদিনীয়া কাউন্সেলিঙৰ অন্তত ছোৱালীজনীয়ে এজাহাৰ দাখিল কৰিবলৈ সন্মত হয়। কিশোৰীগৰাকীৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰে। তদুপৰিজ কিশোৰীগৰাকীৰ পিতৃসহ মুঠ ১৭জন লোকৰ তেজৰ নমুনা আৰু ডি এন এ পৰীক্ষা কৰা হয়। যোৱা ২৭ জানুৱাৰীত ডি এন এ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰিছিল। তাত মাত্ৰ এজন ব্যক্তিৰ ডি এন এ তেওঁৰ ভ্ৰুণৰ সৈতে মিল খাইছিল। সেইজন আছিল ছোৱালীজনীৰ পিতৃ।
আৰক্ষীৰ অনুমান অনুসৰি, যোৱা বছৰৰ মাৰ্চৰ পৰা ২১ ছেপ্টেম্বৰৰ ভিতৰত এই ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল। ২২ ছেপ্টেম্বৰত আৰক্ষীয়ে থানাত এজাহাৰ পঞ্জীয়ন কৰিছিল।পিছত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি বি এন এছৰ কেইবাটাও ধাৰাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।










