
নাবালিকাক দলবদ্ধ ধৰ্ষণৰ (Minor Rape Case) অভিযোগ উত্থাপন হৈছে ছয়জন নাবালকৰ বিৰুদ্ধে। ওড়িশাৰ বোলাংগীৰ জিলাত সংঘটিত এই ঘটনাত ছয়জনকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ছয়োজনেই নাবালিকাগৰাকীৰ চিনাকি আছিল।

আৰক্ষীয়ে জনোৱা মতে, নাবালককেইটাই মোবাইলত প্ৰাপ্তবয়স্কৰ ভিডিঅ’ চাইছিল। ইয়াৰ পিছতে নাবালিকাগৰাকীক আক্ৰমণ কৰে। জুভেনাইল জাষ্টিচ ব’ৰ্ডে গ্ৰেপ্তাৰ কৰা নাবালককেইজনক হোমলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছে।
প্ৰায় ডেৰ মাহ পূৰ্বে সংঘটিত হয় এই ঘটনা। অৱশ্যে দীৰ্ঘদিন ধৰি বিষয়টো ৰাজহুৱা হোৱা নাছিল। শেহতীয়াকৈ নাবালিকাগৰাকীৰ ওপৰত হোৱা নিৰ্যাতনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ইয়াৰ পিছত ১৫ বছৰীয়া কিশোৰীগৰাকীৰ পৰিয়ালে যোৱা মঙলবাৰে থানালৈ গৈ এজাহাৰ দাখিল কৰে। পৰিয়ালটোৰ অভিযোগৰ ভিত্তিত আটাইকেইজনক গ্ৰেপ্তাৰ কৰা হয়।
জানিব পৰা মতে, যোৱা ২৭ ডিচেম্বৰত নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে টিউচনৰ পৰা ঘৰলৈ উভতিছিল। এই সময়তে সংঘটিত হয় এই ঘটনা। নাবালিকাগৰাকীক নিৰ্জন এলেকালৈ মাতি নি দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ মূল অভিযোগ এজন ১৭ বছৰীয়া কিশোৰৰ বিৰুদ্ধে।
জানিব পৰা মতে, বাকী অভিযুক্তসকলৰ বয়সো ১৪-১৬ বছৰৰ ভিতৰত। অভিযোগ অনুসৰি, নাবালিকাগৰাকীক ধৰ্ষণ কৰাৰ সময়ত এই দৃশ্য কেমেৰাত ৰেকৰ্ড কৰা হৈছিল। ঘটনাৰ বিষয়ে মাক-দেউতাকক নক’বলৈ ভাবুকি দিয়া হৈছিল।
এই ঘটনাৰ বিষয়ে জনালে ভিডিঅ’টো ফাদিল কৰা হ’ব বুলিও ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে সেই কাৰণেই বোধহয় ভুক্তভোগীয়ে প্ৰথমে ঘৰত একো কোৱা নাছিল। পিছত যেতিয়া এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে তেতিয়া পৰিয়ালটোৱে আৰক্ষীৰ কাষ চাপে।
অভিযোগ লাভ কৰাৰ পিছত ইতিমধ্যে আৰক্ষীয়ে ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে। এটা মোবাইল ফোনো জব্দ কৰা হৈছে। আৰক্ষীৰ দাবী যে ইয়াত কেইবাটাও ‘স্পৰ্শকাতৰ প্ৰমাণ’ আছে। অনুমান কৰা হৈছে যে মোবাইল ফোনটোৰ সহায়তে নিৰ্যাতনৰ দৃশ্য ৰেকৰ্ডিং কৰা হৈছিল।
বোলাংগীৰ আই জি (উত্তৰ ৰেঞ্জ) হিমাংশু লালে কয়, “আমি সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰিছোঁ।” অভিযুক্ত নাবালকসকলে মোবাইলত প্ৰাপ্তবয়স্কৰ ভিডিঅ’ চাই এই অপৰাধ সংঘটিত কৰে বুলি আই জিয়ে জানিবলৈ দিয়ে। তেওঁৰ মতে, সেইটোৱেই আছিল এই অপৰাধৰ মূল কাৰণ। জিলা আৰক্ষী অধীক্ষক অবিনাশ জীয়ে কয় যে সমগ্ৰ ঘটনাৰ মূল মাষ্টাৰমাইণ্ড এজন ১৭ বছৰীয়া কিশোৰ।
তেওঁ কয় যে বিচাৰৰ সময়ত মূল অভিযুক্তক প্ৰাপ্তবয়স্ক হিচাপে গণ্য কৰিবলৈ আমি আদালতক অনুৰোধ কৰিম। পৰিয়ালৰ অভিযোগৰ পিছতে আৰক্ষীয়ে লিপিবদ্ধ কৰে ভুক্তভোগীৰ বক্তব্য। তেওঁৰ চিকিৎসা পৰীক্ষাৰ ব্যৱস্থাও কৰা হৈছে।










