
দিল্লীত চলিত বৰ্ষৰ প্ৰথম ১৫ দিনত নিৰুদ্দেশ হয় ৫০০ৰো অধিক মহিলা (Woman Trafficking)। ইয়াৰে ১৪৬ গৰাকী নাবালিকা আৰু ১৩৮ গৰাকী ১২-১৮ বছৰৰ ভিতৰৰ ছোৱালী। এই তথ্য পোহৰলৈ আহিছে দিল্লী আৰক্ষীৰ ৰেকৰ্ডত।

দিল্লী আৰক্ষীৰ এই পৰিসংখ্যা বিশ্লেষণ কৰিলে দেখা যায় যে ১-১৫ জানুৱাৰীৰ ভিতৰত দিল্লীত মুঠ ৮০৭ জন লোক নিৰুদ্দেশ হৈছে। ইয়াৰে ৫০৯ গৰাকী মহিলা, যিটো মুঠ নিৰুদ্দেশৰ প্ৰায় দুই তৃতীয়াংশ। অৰ্থাৎ সেই সময়ছোৱাত প্ৰতিদিনে গড়ে ৫৪ জন লোক নিৰুদ্দেশ হৈছে।
ইয়াৰে গড়ে দৈনিক নিৰুদ্দেশ হোৱা মহিলাৰ সংখ্যা ৩৪ গৰাকী। যোৱা ৩০ জানুৱাৰীৰ তথ্য অনুসৰি, এই নিৰুদ্দেশ হোৱা লোকসকলৰ ভিতৰত ২৩৫ জন লোকৰ সন্ধান পোৱা গৈছে। বাকী ৫৭২ জন লোকক উদ্ধাৰ হোৱা নাই।
পি টি আইৰ বাতৰি অনুসৰি, বছৰৰ প্ৰথম ১৫ দিনত দিল্লীত নিৰুদ্দেশ হোৱা লোকৰ ভিতৰত ১৯১ গৰাকী নাবালিকা। অৰ্থাৎ সেই সময়ছোৱাত প্ৰতিদিনে গড়ে ১৩ গৰাকী শিশু নিৰুদ্দেশ হৈছে।
ইয়াৰে ১৪৬ গৰাকী নাবালিকা আৰু কিশোৰী। এই নিৰুদ্দেশ হোৱা নাবালিকাসকলৰ ভিতৰত ১৬৯ গৰাকী ১২-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰী। তাৰে ভিতৰত কিশোৰীৰ সংখ্যা বেছি। উক্ত ১৫ দিনত ১২-১৮ বছৰ বয়সৰ ১৩৮ গৰাকী কিশোৰী সন্ধানহীন হৈছিল। বাকী ৩১ জন কিশোৰ।
আৰক্ষীৰ তথ্য অনুসৰি, যোৱা ৩০ জানুৱাৰীলৈকে নিৰুদ্দেশ হোৱা কিশোৰ-কিশোৰীকেইগৰাকীৰ ভিতৰত ২৯ জন কিশোৰ আৰু ১৯ গৰাকী কিশোৰীক উদ্ধাৰ কৰা হৈছে। বাকী থকা প্ৰায় ৭১ শতাংশৰ সন্ধান পোৱা নাই।
এই সময়ছোৱাত ৮-১২ বছৰ বয়সৰ ১৩টা শিশু নিৰুদ্দেশ হয়। ইয়াৰে আঠজন ল’ৰা আৰু পাঁচজনী ছোৱালী।
৩০ জানুৱাৰীলৈকে ইয়াৰে মাত্ৰ তিনিজনহে উদ্ধাৰ হৈছে। তদুপৰি উক্ত সময়ছোৱাত আঠ বছৰৰ তলৰ ৯টা শিশুও নিৰুদ্দেশ হৈছে। ইয়াৰে তিনিজনক উদ্ধাৰ কৰা হৈছে। বাকী ছয়জন এতিয়াও সন্ধানহীন হৈ আছে।
যোৱা বছৰ দিল্লীত মুঠ ২৪,৫০৮ জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰে ১৪,৮৭০ গৰাকী মহিলা। আৰক্ষীৰ পৰিসংখ্যা অনুসৰি, ইয়াৰে ১৫,৪২১ জন উদ্ধাৰ হোৱাৰ বিপৰীতে বাকী ৯,০৮৭ জন এতিয়াও সন্ধানহীন হৈ আছে।









