
পঞ্জাবৰ ভাৰত-পাক সীমান্ত এলেকাত আৰক্ষীয়ে প্ৰত্যক্ষ কৰে এখন পাকিস্তানী ড্ৰ’ন (Pak Drone) । বি এছ এফৰ সৈতে যৌথ অভিযানত ড্ৰ’নখন নমাই প্ৰায় চাৰি কেজি হেৰ’ইন উদ্ধাৰ কৰে। বুধবাৰে পঞ্জাবৰ তৰণ তৰণ জিলাত সংঘটিত হয় এই ঘটনা।

সংবাদ সংস্থা পি টি আইৰ মতে, পঞ্জাব আৰক্ষীৰ ড্ৰ’নখন এণ্টি ড্ৰ’ন ব্যৱস্থাই বাজ আখ সীমান্ত আউটপোষ্টৰ কল্যাণ অঞ্চলৰ সমীপত ধৰা পেলায়। এই তথ্য বি এছ এফক জনোৱা হয়। ইয়াৰ পিছতে ড্ৰ’নখন কৃষিভূমিত নমাই যৌথ অভিযানত নিষ্ক্ৰিয় কৰি দিয়া হয়। এনে পৰিপ্ৰেক্ষিতত পঞ্জাব আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱে ড্ৰ’নখনৰ পৰা ৩ কেজি ৯২৫ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰি জব্দ কৰা বুলি দাবী কৰে।
আৰক্ষীয়ে দাবী কৰিছে যে চোৰাংচোৱাই এনেদৰে প্ৰযুক্তি ব্যৱহাৰ কৰি সীমান্তৰ সিপাৰে ড্ৰাগছ সৰবৰাহ কৰিব বিচাৰিছিল। চক্ৰটো আৰু চোৰাং ব্যৱসায়ৰ পথ চিনাক্তকৰণৰ বাবে তদন্ত অব্যাহত আছে।









