
গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে জম্মু-কাশ্মীৰৰ (Jammu Kashmir Encounter) কিষ্টৱাৰ আৰু উধমপুৰ জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত তিনি জৈছ-ই-মহম্মদৰ সদস্য নিহত হয়।

নিৰাপত্তা বাহিনীয়ে ইয়াক এক বৃহৎ সফলতা বুলি বিবেচনা কৰিছে। উধমপুৰ জিলাৰ এটা গুহাত আবদ্ধ হৈ থকা দুজন জৈছ কমাণ্ডেণ্টৰ বুধবাৰে পুৱা মৃত্যু হয়। আনহাতে, সেইদিনা সন্ধিয়া কিষ্টৱাৰৰ বৰফেৰে আবৃত চত্ৰু অঞ্চলত সংঘৰ্ষত লিপ্ত হৈ জৈছ সদস্য এজন নিহত হয়।
উল্লেখ্য যে বৃহস্পতিবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে জম্মু-কাশ্মীৰলৈ ৰাওনা হৈছে অমিত শ্বাহ। ইয়াৰ পূৰ্বে বুধবাৰে বিয়লি কাউণ্টাৰ ইনছাৰ্জেন্সী ফ’ৰ্চ ডেল্টা, হোৱাইট নাইট ক’ৰ্পছ, জম্মু-কাশ্মীৰ আৰক্ষী আৰু চি আৰ পি এফে যৌথ অভিযান চলায়।
জানিব পৰা মতে, কিষ্টৱাৰৰ দুৰ্গম দিচ্ৰে অঞ্চলত পুনৰ সন্ত্ৰাসবাদীৰ উপস্থিতিৰ চোৰাংচোৱাৰ পৰা খবৰ পোৱাৰ পিছত বাহিনীটোৱে এই অভিযান চলাইছিল আৰু তাত সফলতা লাভ কৰে। হোৱাইট নাইট ক’ৰ্পছে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা অনুসৰি, এই অভিযান এতিয়াও চলি আছে।
সেনাৰ সূত্ৰ অনুসৰি, মঙলবাৰে উধমপুৰত অভিযানৰ সময়ত ৰুবানী ওৰফে আবু মাভিয়া আৰু তেওঁৰ ঘনিষ্ঠ সহযোগী জুবাইৰ এটা গুহাত আবদ্ধ হৈ পৰে। প্ৰায় ২০ ঘণ্টা ধৰি নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। পুৱা গুহাৰ পৰা কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা যায়। পিছত দেখা যায় যে জৈছ কমাণ্ডেণ্ট দুজন গুলীবিদ্ধ হৈ পৰি আছে।
এই অভিযানত এম ৪ কাৰ্বাইন, এ কে এছাল্ট ৰাইফল, তিনিটা গ্ৰেনেডকে ধৰি বহুসংখ্যক অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰা হয়। অৱশ্যে তিনি সন্ত্ৰাসবাদী নিহত হোৱাৰ পিছতো ড্ৰ’ন ব্যৱহাৰ কৰি বিভিন্ন অঞ্চলত চোৰাংচোৱাগিৰি অব্যাহত আছে।










